/asomiyapratidin/media/media_files/2025/01/21/4ResBQVRwzVDHlPmLC4l.png)
ডিজিটেল ডেস্কঃ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাকমুহূৰ্তত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ তৃতীয় তথা অন্তিম দিনটোত দক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এডভাণ্টেজ অসম ২.০ হ'ব অসমৰ সৈতে বহিঃৰাষ্ট্ৰৰ সু-সম্পৰ্কৰ এক মুখ্য স্তম্ভ।
উল্লেখ্য যে, অসম চৰকাৰৰ বৃহৎ পদক্ষেপ হিচাপে ইতিমধ্যে চিহ্নিত এডভাণ্টেজ আছাম সন্মিলনলৈ বিশ্বৰ বিভিন্ন উন্নত ৰাষ্ট্ৰলৈ মুখ্যমন্ত্রীকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে ভ্রমণ কৰিছে। বিভিন্ন দেশত এডভাণ্টেজ আছাম ৰোড শ্ব'ৰ প্ৰচাৰ সভাসমূহ অনুষ্ঠিত কৰা হৈছে।
আজি দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তিম দিনটোত মুখ্যমন্ত্রীয়ে ছিউলত বিশ্বৰ অন্যতম বৃহৎ অর্ধপৰিবাহী গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষ ড০ জুন চয়ৰ সৈতে এক ফলপ্রসূ বৈঠকত মিলিত হয়। অসমক বিশ্বৰ অন্যতম অর্ধপৰিবাহী হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ দৃষ্টিভংগী সন্দর্ভত মুখ্যমন্ত্রীয়ে তেওঁক অৱগত কৰে।
আজিৰ এই আলোচনাই অসমক সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়াৰ ষ্টার্টআপ পৰিৱেশ তন্ত্ৰ বুজিবলৈ আৰু বিভিন্ন অংশীদাৰৰ সৈতে জড়িত হ'বলৈ ছিউলৰ পাংগিঅ' টেকন' ভেলীৰ ষ্টার্টআপ কেম্পাছ পৰিদৰ্শন কৰে।
মুখ্যমন্ত্রীয়ে কোৰিয়া গণৰাজ্য চৰকাৰৰ এছ এম ই আৰু ষ্টার্টআপৰ মন্ত্ৰী অ'হ য়ংজুৰ সৈতে সাক্ষাতত মিলিত হৈ অসম আৰু দক্ষিণ কোৰিয়াত অৱস্থিত উদ্যোগী আৰু ষ্টার্টআপৰ মাজত সহযোগিতা ৰক্ষাৰ সৈতে সম্পর্কিত বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে দক্ষিণ কোৰিয়াৰ নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্রতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়ং হা ৰুৰ সৈতে দক্ষিণ কোৰিয়া ভ্ৰমণৰ সূচী হিচাপে সাক্ষাততো মিলিত হয়। সাক্ষাতত ২০৩০ চনৰ ভিতৰত ৩০০০ মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ অসমৰ লক্ষ্যৰ বিষয়ে বাৰ্তালাপত মিলিত হয়।
Earlier in the day I visited the Pangyo Techno Valley in Seoul, also known as South Korea’s Silicon Valley.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
Techno Valley is an innovative Korean concept, that houses start ups and entrepreneurs from diverse technological backgrounds- IT, biotech and cultural- under one roof. pic.twitter.com/OFnds5fJEh
মুখ্যমন্ত্রীয়ে ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ'ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুৰ সৈতেও আলোচনাত মিলিত হয়। ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ'ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুৰ সৈতে সাক্ষাৎ আজিৰ দিনটোৰ এক আনন্দদায়ক অভিজ্ঞতা আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
সাক্ষাতৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰিবলৈ আৰু অসমত আৰম্ভ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইক’ছিষ্টেমত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। এক নতুন ছেটেলাইট চিটী নিৰ্মাণৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সৰ্বোচ্চ স্তৰৰ সহায়-সমৰ্থনলৈকে সকলো প্ৰধান ছেমিকণ্ডাক্টৰ উদ্যোগৰ অংশীদাৰসকলক আদৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
মুখ্যমন্ত্রীয়ে ছিউলত কোৰিয়াৰ নিজা ছিলিকন ভেলী পাংগ্য' টেকন' ভেলীৰ ষ্টার্টআপ চৌহদ পৰিদৰ্শন কৰি আই টি, বায়োটেক আদিৰ বিভিন্ন ক্ষেত্ৰৰ পৰা কোৰিয়ান ষ্টার্টআপৰ উদ্ভাৱনসমূহ অন্বেষণ কৰে। উল্লেখ্য যে, টেকন' ভেলী হৈছে এক উদ্ভাৱনীমূলক কোৰিয়ান ধাৰণা, যিয়ে বিভিন্ন প্ৰযুক্তিগত পটভূমিৰ ষ্টাৰ্টআপ আৰু উদ্যমীসকলক আই টি, বায়'টেক আৰু সংস্কৃতিক একেডাল সূতাৰে গঁথাৰ দৰে ৰাখে৷
টেকন’ ভেলীৰ বৈচিত্ৰ্যময় পৰিৱেশ তন্ত্ৰই সমগ্ৰ আই টি, জৈৱ প্ৰযুক্তি আৰু সাংস্কৃতিক উদ্যোগসমূহত উদ্ভাৱনক লাভান্বিত কৰে। ড০ শৰ্মাই টেকন' ভেলীৰ অত্যাধুনিক পৰিৱেশৰ দ্বাৰা যথেষ্ট আকৰ্ষিত হয়। অসম আৰু টেকন' ভেলীৰ উদ্যমী আৰু ষ্টার্টআপৰ মাজত সহযোগিতা গঢ়ি তোলাৰ অভিপ্রায় ব্যক্ত কৰিছিল আৰু শীঘ্ৰেই এই সন্দর্ভত এক চুক্তিও প্ৰস্তুত কৰাৰ কথা ব্যক্ত কৰে। ভ্ৰমণকালত মুখ্যমন্ত্রীয়ে তাত উপস্থিত থকা ভাৰতীয় উদ্যোগীসকলৰ সৈতেও সাক্ষাৎ কৰি বাৰ্তালাপত মিলিত হয়।
সাক্ষাতৰ জৰিয়তে সকলোকে এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰিবলৈ আৰু অসমত আৰম্ভ হ'বলগীয়া ছেমিকণ্ডাক্টৰ ইক' ছিষ্টেমত যোগদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আমন্ত্রণ জনায়।দক্ষিণ কোৰিয়া ভ্ৰমণৰ দ্বিতীয় দিনা কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে।
দক্ষিণ কোৰিয়াত বিভিন্ন ঔদ্যোগিক নেতা আৰু সংস্থাসমূহৰ সৈতে মুখ্যমন্ত্রী ড০ শৰ্মাই আলোচনাত মিলিত হৈ তেওঁলোকক এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ বিষয়েও অৱগত কৰাৰ লগতে অসমত বিনিয়োগৰ বাবে উদ্যোগীসকলক আমন্ত্ৰণ জনায়৷ আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ দ্বাৰা আয়োজিত কোৰিয়াৰ ১০০ ৰো অধিক উদ্যোগপতি-নেতাৰ সৈতে বৈঠকত তেওঁলোকক অসমত বিনিয়োগৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনায় আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া মেগা সন্মিলনত অংশগ্রহণ কৰিবলৈ কোৰিয়াৰ এটা প্রতিনিধি দলক আমন্ত্রণ জনায়।
It was a pleasure meeting Mr Lee Young Joo, the CEO of Seoul Viosys, an excellent innovative firm doing fabulous work in semiconductors and LED technology.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
I have invited them to participate in #AdvantageAssam2 and consider joining Assam’s growing semiconductor ecosystem. From… pic.twitter.com/VZxcKenyd5
অসমক লাভজনক ব্যৱসায়িক গন্তব্যস্থান হিচাপে পৰিগণিত কৰিবলৈ এডভাণ্টেজ আছাম-২.০ ৰ বাবে কালি পুৱা ছিউলত অনুষ্ঠিত হোৱা এক বিনিয়োগ ৰোডশ্ব’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়ে৷ ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সুবিধাসমূহৰ দিশত আলোকপাত কৰে। বহুকেইগৰাকী কোৰিয়াৰ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰা ৰোড শ্ব'ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সন্মিলনৰ অংশ হ'বলৈ আমন্ত্ৰণ জনায় আৰু অসমত উদ্যোগৰ বিকাশৰ দিশত এক চালিকা শক্তি হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত ভাৰত চৰকাৰৰ বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰে।
উদ্যোগপতিসকলে অসমৰ এই পদক্ষেপক লৈ উৎসাহিত আৰু তেওঁলোকে সন্মিলনত অংশগ্ৰহণক লৈ উৎসাহ প্ৰদান কৰে। এই সন্দৰ্ভত তেওঁ কয় যে অসম অৱস্থিতি, কৌশলগত আৰু নীতিগত এই তিনিটা ‘এডভাণ্টেজ’ অর্থাৎ সুবিধাৰে সমৃদ্ধ। সৰ্বোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ বিশেষভাৱে অগ্ৰাধিকাৰযুক্ত ক্ষেত্রৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল অন্যতম। ইউনেস্ক’ৰ ৩টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সৈতে অসম হৈছে এনে এক স্থান য'ত বাণিজ্য আৰু প্রকৃতিৰ আনন্দ একত্রে লাভ কৰিব পৰা যায়।
মুখ্যমন্ত্রীয়ে অধ্যক্ষ কাং কিউংচুঙৰ নেতৃত্বত কোৰিয়া বাণিজ্য-বিনিয়োগ প্ৰচাৰ সংস্থাৰ (কোট্টা)ৰ এটা প্রতিনিধি দলৰ সৈতে অসম আৰু কোৰিয়াৰ মাজত বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত অংশীদাৰী বিকাশৰ দিশত আলোচনা অনুষ্ঠিত কৰে। বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হেতু অংশীদাৰিত্বৰ পথ অন্বেষণ কৰাৰ বাবে যৌথ ৰণকৌশলৰ বিষয়ে আলোচনা কৰা হয়।
কোৰিয়া ট্ৰেড-ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সীৰ (কোট্রা) প্ৰতিনিধি দলৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ সমৃদ্ধ পৰ্যটন সম্ভাৱনা আৰু জাগীৰোডত নির্মীয়মাণ বিশ্বৰ সৰ্ববৃহৎ অ' এছ এ টি গোটৰ পৰিপূৰক হিচাপে অসমত এক সম্পূৰ্ণ ছেমিকণ্ডাক্টৰৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ দিশত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰে। এই আলোচনাত কোৰিয়াৰ বিনিয়োগক অসমলৈ আকৰ্ষণ কৰা আৰু এডভাণ্টেজ আছাম-২ত তেওঁলোকক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়।
কালি সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৰিয়া অটোমোবাইল পার্টছ ইণ্ডাষ্ট্রী প্রমোচন ফাউণ্ডেচনৰ এটা প্রতিনিধি দলৰ সৈতে বার্তালাপত মুখ্যমন্ত্রীয়ে অসম এক অটোমোবাইল নির্মাণ পৰিস্থিতিতন্ত্ৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক দৃশ্যপট সলনি কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ দক্ষিণ কোৰিয়াৰ অটোমোবাইল প্রতিষ্ঠানসমূহৰ মুখ্য কার্যবাহী বিষয়া তথা আন বিষয়াবৰ্গৰ সৈতে হোৱা বৈঠকত তেওঁলোকৰ সমর্থন বিচাৰে।
মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় ৰাজ্য চৰকাৰৰ সহযোগিতাত তেওঁলোকক অসমক এক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে অসমত বিনিয়োগে ১০০ বিলিয়ন ডলাৰৰ ভাৰতীয় অটোমোবাইল উদ্যোগটোৰ লগতে দক্ষিণ-পূব এছিয়াৰ বজাৰ সংযোগো লাভ কৰিব। উল্লেখ্য যে দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি আজি মুখ্যমন্ত্ৰীগৰাকী জাপানলৈ ৰাওনা হ'ব।