/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/himanta-3-copy.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো চৰকাৰী বিজ্ঞাপনত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। এখন মেমৰেণ্ডামত লিখা হৈছে যে, প্ৰায়ে দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি নোলোৱাকৈয়ে তেওঁৰ ফটো বিভিন্ন চৰকাৰী বিজ্ঞাপন, ব'ৰ্ড আদিত ব্যৱহাৰ কৰা হৈছে।
এই সন্দৰ্ভত বৃহস্পতিবাৰে নিৰ্দেশ দিয়া হৈছে যে যদি কোনো চৰকাৰী বিভাগে বিজ্ঞাপন বা আন কোনো বিলবৰ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ব্যৱহাৰ কৰিব বিচাৰে তেন্তে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা অনুমতি ল'ব লাগিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us