গুৰুত্বপূর্ণ বৈঠকেৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যত সৰ্বভাৰতীয় পৰীক্ষাৰ স্বচ্ছতা আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰাত গুৰুত্ব প্রদান কৰি নেশ্যনেল টেষ্টিং এজেঞ্চীৰ সৈতে বৈঠকত মিলিত হয়।

author-image
Tushar Pratim
New Update
গুৰুত্বপূর্ণ বৈঠকেৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যত সৰ্বভাৰতীয় পৰীক্ষাৰ স্বচ্ছতা আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰাত গুৰুত্ব প্রদান কৰি এন টি এ অর্থাৎ নেশ্যনেল টেষ্টিং এজেঞ্চীৰ সৈতে আৰু এডভান্টেজ আছাম ২.০ৰ সময়ত বৃহৎ বিনিয়োগৰ প্রতিশ্রুতিক প্রদান কৰা গোটসমূহৰ সৈতে বিগত দুটা দিনত ৰূপায়ণৰ সন্দৰ্ভত আলোচনাৰে নতুন বছৰটিৰ শুভাৰম্ভণি কৰে।

Advertisment

যিসময়ত অসমৰ ৰাইজে নতুন ব'হাগক আদৰণি জনোৱা আৰু প্রিয় ৰঙালী বিহুটিত আত্মীয় আৰু প্রিয়জনৰ সৈতে উদযাপন কৰাত ব্যস্ত হৈ আছিল, সেই সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অনুষ্ঠিতব্য সকলো পৰীক্ষাৰ স্বচ্ছতামূলক সুন্দৰকৈ অনুষ্ঠিত কৰাৰ বাবে প্রস্তাৱ আগবঢ়োৱাৰ লগতে এডভান্টেজ আছাম ২.০-ৰ সময়ত কৰা বিনিয়োগৰ প্ৰস্তাৱসমূহৰ ৰূপায়ণ কৰাৰ বাবে মুখ্য ঔদ্যোগিক অংশীদাৰসকলৰ সৈতে আলোচনা কৰি নতুন বছৰৰ বাবে ৰূপৰেখা প্রস্তুতত অগ্ৰসৰ হয়।

৫.১৯ লাখ কোটি টকাতকৈ অধিক বিনিয়োগৰ প্রস্তাৱেৰে সফল গুৱাহাটীত অনুষ্ঠিত বৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ ২ মাহৰ ভিতৰতে এই বিনিয়োগ প্রস্তাৱসমূহ কাৰ্যকৰীকৰণলৈ ৰূপান্তৰৰ পথ অন্বেষণ কৰি নতুন অসমে নিজৰ দায়বদ্ধতাক সুন্দৰকৈ প্রতিফলিত কৰিছে।

এন টি এ

মুখ্যমন্ত্রীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নেশ্যনেল টেষ্টিং এজেঞ্চীৰ সঞ্চালকপ্রধান আৰু প্রতিনিধি দলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সযোগে বৈঠকত মিলিত হয়। অসম আৰক্ষীয়ে কৰা এক বিশেষ অনুসন্ধানত পোহৰলৈ অহা ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্রত নীট (NEET)ত উত্তীর্ণ হোৱা কিছু শিক্ষার্থীয়ে সন্দেহজনকভাৱে অস্বাভাৱিক উচ্চ নম্বৰ লাভৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকৰ পোষকতা কৰা বুলি মুখ্যমন্ত্রীয়ে মন্তব্য প্রকাশ কৰে।

নীটৰ স্বচ্ছতা সুৰক্ষিত কৰাৰ বাবে অসম চৰকাৰে নিম্নলিখিত প্রস্তাৱসমূহ আগবঢ়ায়ঃ

  • সকলো পৰীক্ষা কেন্দ্ৰ কেৱল চৰকাৰী বা চৰকাৰী সাহায্যপ্রাপ্ত মহাবিদ্যালয়ত হ'ব।
  • পৰীক্ষা সামগ্ৰী সৰবৰাহ, বিতৰণ আৰু সঞ্চয়ৰ সৈতে সম্পর্কিত কেইবাটাও সুৰক্ষাৰ প্ৰতি গুৰুত্ব
  • পৰীক্ষা কেন্দ্রসমূহত প্রার্থীসকলৰ আধাৰ কাৰ্ড আধাৰিত/বায়োমেট্রিক প্রামাণীকৰণ।
  • সকলো কেন্দ্ৰত পৰীক্ষাৰ চিচিটিভি কভাৰেজৰ ব্যৱস্থা।
  • সকলো কেন্দ্রত তালাচীৰ বাবে বিতং এছ অ' পি।
  • পৰীক্ষাৰ আগতে প্রতিটো পৰীক্ষা কেন্দ্রলৈ জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকৰ ব্যক্তিগত সাক্ষাৎ।
  • পৰীক্ষাৰ প্ৰস্তুতি আৰু পৰিচালনাৰ পর্যালোচনা আৰু নিৰীক্ষণৰ বাবে জ্যেষ্ঠ অসামৰিক সেৱা আৰু আৰক্ষী বিষয়াসকলক নিযুক্তি।
  • সতর্ক পৰিকল্পনাৰ বাবে অসম চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান আৰু নেশ্যনেল টেষ্টিং এজেঞ্চীৰ সঞ্চালক প্ৰধানৰ মাজত ঘনিষ্ঠ সমন্বয়।
  • যিকোনো অসদাচৰণৰ বাবে শূন্য সহনশীলতা আৰু যিকোনো অবৈধ পন্থাৰ চেষ্টা কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা।

সর্বোচ্চ স্তৰৰ স্বচ্ছতাৰে প্ৰতিটো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দায়বদ্ধতাক প্রাধান্য দি মুখ্যমন্ত্রীয়ে কয়- 'নীট' এক অতি গুৰুত্বপূৰ্ণ পৰীক্ষা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াৰ নিৰপেক্ষ, স্বচ্ছ আৰু মসৃণ প্রণালী নিশ্চিত কৰাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্রহণৰ প্ৰয়াস কৰিছোঁ।

আদানি গ্রুপ

এডভান্টেজ আছাম ২.০ৰ সময়ত আদানি গ্রুপে ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতি প্রদান কৰিছিল। মুখ্যমন্ত্রী ড° শর্মাই জেষ্ঠ বিষয়াসকলৰ সৈতে লোকসেৱা ভৱনত আদানি গ্ৰুপৰ সঞ্চালক শ্রীজিৎ আদানি আৰু তেওঁৰ দলৰ সৈতে এই প্রতিশ্রুতি কার্যকৰী কৰাৰ আলোচনা কৰি স্বাক্ষৰ কৰা বুজাবুজি চুক্তিৰ মর্মে এক এৰ'-চিটি, হোটেল, চিমেন্ট প্রকল্প আৰু মুখ্য আন্তঃগাঁথনি প্রকল্প বিকশিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ বিনিয়োগৰ ৰূপায়ণ শীঘ্রেই আৰম্ভণিৰ পোষকতা কৰে।

বেদান্ত গ্রুপ

বেদান্ত গ্রুপৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড° শর্মা আন এক বৈঠকত মিলিত হৈ গ্রুপটিয়ে ৰাজ্যত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য নির্ধাৰণৰ সন্দৰ্ভত আলোচনা কৰে। ই আছিল এডভান্টেজ আছাম ২.০ৰ অন্যতম বৃহৎ বিনিয়োগৰ অন্যতম এক অংশ।

বৈঠকত বিশেষকৈ শক্তি অন্বেষণ আৰু ট্ৰিলিঙৰ ক্ষেত্ৰত এই বিনিয়োগৰ কাৰ্যকৰীকৰণৰ বাবে এক সময়সীমা নির্ধাৰণ, কৰা হয়।

গ্রীনকো গ্রুপ

এই বৈঠক শৃংখলৰ অন্তিমখন বৈঠকত গ্রীনকো গ্ৰুপৰ প্ৰতিনিধি দলৰ সৈতে মিলিত হয় হিমন্ত বিশ্ব শর্মা। এডভান্টেজ আছাম-২.০ৰ সময়ত প্রদান কৰা বিনিয়োগ প্রতিশ্রুতিৰ পৰিপ্ৰেক্ষিতত গ্রুপটিয়ে এই বছৰটোতে ১২ হাজাৰ কোটিৰো অধিক ব্যয় সাপেক্ষ বিদ্যুৎ সম্পর্কীয় প্রকল্পৰ কাম আৰম্ভ কৰাৰ আশা প্রকাশ কৰা হয়।

এই প্রচেষ্টাৰ অংশ হিচাপে গ্রিডৰ স্থিৰতা নিশ্চিত কৰিবলৈ। আৰু সৰ্বাধিক বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ বাবে এক নতুন জলবিদ্যুৎ সংৰক্ষণ প্ৰণালী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্রথম পাম্প ষ্টোৰেজ প্রকল্পৰো পৰিকল্পনা কৰা হৈছে আৰু ই বিদ্যুৎ যোগানৰ ক্ষেত্ৰত এক নতুনত্বৰ সূচনা কৰিব।

বৈঠকৰ পাছত মুখ্যমন্ত্রীয়ে মত প্রকাশ কৰে যে এই চৰকাৰ জনসাধাৰণৰ বাবে অহর্নিশে কাম কৰি যাবলৈ প্রতিশ্রুতিবদ্ধ আৰু এডভান্টেজ আছাম ২.০ ৰ সময়ত দিয়া বেছিভাগ প্রস্তাৱ ৰূপায়ণ নিশ্চিত কৰাত সর্বোচ্চ অগ্রাধিকাৰ। সেয়ে এই বিত্তীয় বর্ষত বেছিভাগ বৃহৎ বিনিয়োগৰ প্রস্তাৱ যাতে আৰম্ভ হয়, তাৰ বাবে অধিক মনোনিৱেশ কৰাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্রী শৰ্মাই।

এডভাণ্টেজ আছাম ২.০ ড০ হিমন্ত বিশ্ব শৰ্মা