/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/MANGALDOI-24.jpg)
ডিজিটেল সংবাদ মঙলদৈঃ 'লোক সংস্কৃতি, খেলা-ধূলা আদিৰ প্ৰতি নৱপ্ৰজন্ম আগ্ৰহী নহয় বুলি আমাৰ মাজত এক ভ্ৰান্ত ধাৰণা আছে। প্ৰকৃততে নৱপ্ৰজন্ম খেলা-ধূলা, লোক সংস্কৃতিৰ প্ৰতি তথা শিপাৰ সন্ধান কৰিবলৈ আগ্ৰহী যদিও এচাম অভিভাৱক এই ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। স্কুলৰ পৰা অহা সন্তানক অলপ খেলিবলৈ, লোক সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'বলৈ এচাম অভিভাৱকে সুযোগ সুবিধা নিদি অত্যাধিক টিউচন, মোবাইল আদিত ব্যস্ত ৰাখি সন্তানক এক যন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে' – এই ভাষ্য সংগীত নাটক অকাডেমীৰ বঁটাপ্ৰাপ্ত বিশিষ্ট শিল্পী ৰামকৃষ্ণ তালুকদাৰৰ।
মঙলদৈ য়ুথ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সাধনা সংগীত কলা কেন্দ্ৰ য়ুথ ক্লাবৰ উদ্যোগত সংগীত নাটক অকাডেমীৰ গুৱাহাটী সত্ৰীয়া কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত ১০ দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ কালি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। শ্ৰীমন্ত মাধৱ দেৱৰ 'পিম্পৰা গুচোৱা ভাওনা' খন ব্ৰজাৱলী ভাষাত আজি মঞ্চায়ন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, ব্ৰজাৱলী ভাষা শুদ্ধকৈ উচ্চাৰণ কৰাটো ইমান সহজ নহয়। তথাপিও এই নৱপ্ৰজন্ম শিল্পী সকলে তাক কৰি দেখুৱাই এক অনন্য নিদৰ্শন দাঙি ধৰিলে।
মঙলদৈ নাট্য মন্দিৰত হোৱা সামৰণি অনুষ্ঠানত তেওঁ লগতে কয়, 'ছাত্ৰ-ছাত্ৰী সকলে পঢ়া শুনা কৰিবই লাগিব। তাৰ লগতে তেওঁলোকক শিপাৰ সন্ধান দিবলৈও অভিভাৱক সকল আগ্ৰহী হ'ব লাগিব। তেতিয়াহে আমাৰ ভাষা – সংস্কৃতি উজ্জীৱিত হৈ থাকিব।' শনিবাৰে দিনৰ ১১.৩০ বজাত বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বুধিন চন্দ্ৰ হাজৰিকা, য়ুথ ক্লাবৰ সভাপতি গোবিন্দ উপাধ্যায়, সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা, বিশিষ্ট চিকিৎসক ডাঃ জয়কান্ত চহৰীয়াই সন্মিলিত ভাৱে বন্তি প্ৰজ্বলন কৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সংগীত শিল্পী প্ৰাঞ্জল শৰ্মা আৰু ৰিণ্টিমণি ডেকাই বাদ্যযন্ত্ৰী ৰবীন ডেকা, নিলোৎপল ডেকা, প্ৰদীপ কলিতাৰ সহযোগত পৰিবেশন কৰা সংগীতৰ তালে তালে শতাধিক নৱপ্ৰজন্মৰ শিল্পীয়ে ভোৰতাল নৃত্য আৰু পিম্পৰা গুচোৱা ভাওনা পৰিবেশন কৰে।
এই অনুষ্ঠানত বিশিষ্ট শিল্পী ৰামকৃষ্ণ তালুকদাৰ, প্ৰদীপ কলিতা, নেহাৰিকা কলিতা, চুম্পী ডেকা, আব্দুল হান্নানক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই য়ুথ ক্লাবৰ কাৰ্যকৰী সভাপতি গিৰিশ চন্দ্ৰ ডেকাই। উল্লেখ্য যে, সাধনা সংগীত কলা কেন্দ্ৰৰ নৃত্য বিভাগৰ শিক্ষয়িত্ৰী বিশিষ্ট শিল্পী ভানু ডেকা চহৰীয়াৰ নেতৃত্বত মঙলদৈত সত্ৰীয়া নৃত্যৰ এক জনজাগৰণৰ সৃষ্টি হৈছে।