লোকগীত আৰু অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাৰ মননশীল সামৰণি অনুষ্ঠান…

লোকগীত আৰু অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাৰ মননশীল সামৰণি অনুষ্ঠান…

author-image
asomiyapratidin
New Update
লোকগীত আৰু অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাৰ মননশীল সামৰণি অনুষ্ঠান…

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ অগ্ৰনী অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম অংগ প্রয়াস সংগীত কলা অকাডেমীৰ উদ্যোগত যোৱা ১৮ জুলাইৰ পৰা বোকাখাত জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ থকা 'লোকগীত আৰু অসমীয়া চিৰসেউজ গীত'ৰ কৰ্মশালাখনিৰ দেওবাৰে সামৰণি পৰে। অসমীয়া সংস্কৃতিৰ ৰহঘৰা স্বৰূপ লোকগীতসমূহ তথা অসমীয়া চিৰসেউজ সোণসেৰীয়া গীতসমূহ নৱ প্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই প্ৰয়াস সংগীক কলা অকাডেমীয়ে মুঠ ৩৮ গৰাকী ন-শিকাৰুৰ মাজত উক্ত কৰ্মশালাখন আয়োজন কৰিছিল।

Advertisment

কৰ্মশালাটোত শিকাৰুসকলক প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ স্বনামধন্য লোকগীতৰ সাধক-গৱেষক ৰুমী শ‍ইকীয়া আৰু পদ্ধতিগত আৰু নিৰৱচ্ছিন্নভাৱে সংগীত সাধনা কৰি থকা নৱপ্ৰজন্মৰ সংগীত শিল্পী নীলোৎপল গায়নে।দেওবাৰে কৰ্মশালটোৰ সামৰণি উপলক্ষে আয়োজন কৰা বিশেষ সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভ আৰম্ভণী কৰে বিশিষ্ট লেখিকা, সংগঠক তথা প্ৰয়াসৰ সভাপতি নিজৰা বৰঠাকুৰে লগতে আদৰণি ভাষন আগবঢ়াই প্ৰয়াসৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহে।

উদ্বোধক হিচাপে উপস্থিত থাকে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট চিন্তক ইন্দ্ৰজিৎ বেজবৰুৱা। বিশিষ্ট চিন্তক গৰাকীক জনজাতীয় বস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু প্ৰয়াসৰ চলিত ৰূপালী জয়ন্তী বৰ্ষৰ এটি স্মাৰকেৰে আদৰণি জনাই প্ৰয়াসৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহ , সভাপতি নিজৰা বৰঠাকুৰ আৰু সদস্য প্ৰাঞ্জল প্ৰকাশ কলিতাই । উদ্বোধনী ভাষণ প্ৰসংগত বিশিষ্ট চিন্তক গৰাকীয়ে কয় যে, সংগীতৰ কোনো দেশ নাই আৰু অসম ভূখণ্ডৰ সংগীতৰ যি ঐতিহ্য তাৰ এটা নিজা চিনাকী আছে।

সামৰণি অনুষ্ঠান উপলক্ষে কৰ্মশালখনৰ দুজন বিশিষ্ট প্ৰশিক্ষক ক্ৰমে লোকগীতৰ সাধক গবেষক ৰুমী শইকীয়া আৰু অনাতাঁৰ শিল্পী নীলোৎপল গায়নক জনজাতীয় বস্ত্ৰ, এখনি সম্বৰ্ধনা পত্ৰ আৰু প্ৰয়াসৰ চলিত ৰূপালী জয়ন্তী বৰ্ষৰ এটি স্মাৰকেৰে আদৰণি জনাই ক্ৰমে প্ৰয়াস সংগীত কলা অকাডেমীৰ ৰেক্টৰ প্ৰদীপ বৰুৱা, প্ৰাঞ্জল হাজৰিকা আৰু প্ৰয়াস সংগীত কলা অকাডেমীৰ প্ৰধান সচিব বিৰেন দাস, ইঞ্জু আহমেদে।

লোকগীত আৰু অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাখনিত অংশ গ্ৰহণ কৰা শিকাৰু সকলৰ অভিভাৱক, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ভালেসংখ্যক স্থানীয় লোকৰ উপস্থিতিত হোৱা সামৰণি সাংস্কৃতিক অনুষ্ঠানটোত কেইবাটাও লোকগীত আৰু অসমীয়া চিৰসেউজ গীত শিকাৰু সকলে পৰিবেশন কৰাৰ উপৰিও অভিভাৱক সকলেও এটি গীত পৰিবেশন কৰে।

আনহাতে জনজীৱনৰ পৰা হেৰাই যাবলৈ উপক্ৰম হোৱা কেইবাটাও লোকগীত আৰু চিৰসেউজ গীতেৰে উপস্থিত শ্ৰোতা-দৰ্শকক আপ্লুত কৰে প্ৰশিক্ষক ৰুমী শইকীয়া, নীলোৎপল গায়ন, বৰ্নালী বৰুৱা আৰু সোনেশ্বৰ নৰহে।
সাংস্কৃতিক অনুষ্ঠানটোৰ আঁত ধৰে প্ৰয়াস সংগীত কলা অকাডেমীৰ অধ্যক্ষা বৰ্নালী বৰুৱা আৰু পল্লৱ হাজৰিকাই।

সামগ্ৰিক ব্যৱস্থাপনা সম্পাদন কৰিছিল প্ৰয়াসৰ কৰ্ণধাৰ অমৰ কাকতি, সদস্য বিজু চাওঁতাল, প্ৰাঞ্জল হাজৰিকা, প্ৰাঞ্জল কলিতা,সুব্ৰত পুৰকায়স্থ,সাৰঙ্গ বৰা আদিয়ে। ইয়াৰোপৰি প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মানবিশিষ্ট আবৃত্তিকাৰ ড০ গায়ত্ৰী বৰা কাকতিয়ে আৰু শলাগৰ শৰাই আগবঢ়াই ৰেক্টৰ প্ৰদীপ বৰুৱা ডাঙৰীয়াই।