হালোৱাগাৱঁত বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান…

হালোৱাগাৱঁত বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান…

author-image
asomiyapratidin
New Update
হালোৱাগাৱঁত বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান…

ডিজিটেল সংবাদ পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদামৰ সমীপবৰ্তী হালোৱাগাঁৱৰ ভেৰভেৰী মজলীয়া আৰু প্ৰাক প্ৰাথমিক বিদ্যালয়ত গ্ৰীষ্মকালীন এক বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা অনুষ্ঠিত হৈ যায়। আজি এই কৰ্মশালাৰ সামৰণি পৰে। কৰ্মশালাৰ সামৰণি উপলক্ষে আজি বিদ্যালয়খনত এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

শিল্পী ৰাজু শইকীয়াই তেওঁৰ কেইগৰাকীমান সহযোগী লগত লৈ প্ৰশিক্ষণ প্ৰদান কৰা কৰ্মশালাটোৰ আজি সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে তেওঁ লোকৰ কৰ্মশালা কেইদিনত লাভ কৰা প্ৰশিক্ষণৰ জৰিয়তে বিহুৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

আজিৰ এই সামৰণি অনুষ্ঠান উপলক্ষে বিদ্যালয় চৌহদত এক মুকলি সভা অনুষ্ঠিত হয়।পুৰণিগুদামৰ সাংস্কৃতিক কৰ্মী কুলপ্ৰদীপ দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি তথা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধক চামগুৰি ৰাজহ চক্ৰ বিষয়া ৰিপনজ্যোতি নাথ উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্য কৰি কয় যে- পঢ়া শুনাৰ মাজতে আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব। একাগ্ৰতা থাকিলে সকলো কামতে সফল হ'ব পাৰি বুলি উল্লেখ কৰি তেওঁ আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিবলৈ নতুন প্ৰজন্ম এনেদৰেই আগবাঢ়ি আহিব লাগিব বুলি উল্লেখ কৰে।

মুকলি সভাত পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ বৰঠাকুৰ,পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত সোনোৱাল,বিহু বিশেষজ্ঞ হৰেণ নাথ,অনুপ বৰুৱা,পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকী,বিদ্যালয় খনৰ প্ৰধান শিক্ষক অসীম ভূঞা, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ৰেনু হাজৰিকা,সমাজকৰ্মী অৰুণ শইকীয়া, উপেন্দ্ৰ নাথ শইকীয়া,অকন শইকীয়া, সাংবাদিক নিপুল বৰা,ভাৰ্গৱ হাজৰিকা,জয়ন্ত বৰা ,নয়নমনি বৰা,বিভূতি বৰা,বৰুণজ্যোতি নেওগ উপস্থিত থাকে।সভাৰ মাজে মাজে প্ৰশিক্ষাৰ্থী সকলে বিহু নৃত্য ,ঢোল বাদন আদি প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত বহু কেইগৰাকী অভিভাৱক ,অভিভাবিকা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।