ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ এলপিজি বটলিং প্লেন্টত বন্ধ পৰিবহণ সেৱা…

ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ এলপিজি বটলিং প্লেন্টত বন্ধ পৰিবহণ সেৱা…

author-image
asomiyapratidin
New Update
ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ এলপিজি বটলিং প্লেন্টত বন্ধ পৰিবহণ সেৱা…

ডিজিটেল সেৱা চিৰাং: ভাৰতীয় তেল নিগম কৰ্তৃপক্ষই দীৰ্ঘদিনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰন্ধন গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ থলুৱা মালিক সকলক প্ৰৱঞ্চনা আৰু শোষণ কৰি অহাৰ প্ৰতিবাদত আজিৰ পৰা উত্তৰ-পূৰ্বাঞ্চল পেকড্ ৰন্ধন গেছ পৰিবহন এছ'চিয়েশ্বনে অনিৰ্দিষ্ট কাল লৈ পৰিবহন সেৱা বন্ধ ৰখা আন্দোলন কাৰ্যসূচীৰ কথা ঘোষনা কৰে । উত্তৰ-পূৰ্বাঞ্চল পেকড্ ৰন্ধন গেছ পৰিবহন এছ'চিয়েশ্বনৰ এই আন্দোলনৰ প্ৰভাৱ চিৰাং জিলাৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰৰ এলপিজি বটলিং প্লেন্টতো পৰিছে ।

Advertisment

উত্তৰ-পূৰ্বাঞ্চল পেকড্ ৰন্ধন গেছ পৰিবহন এছ'চিয়েশ্বনৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বঙাইগাঁও-চিৰাং জিলা পেকড্ ৰন্ধন গেছ পৰিবহন এছ'চিয়েশ্বনৰ লোক সকলে ৰাতিপুৱাৰ পৰা এলপিজি বটলিং প্লেন্টৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি সন্মুখত বেনাৰ আঁৰি দি আই অ' চি এল কতৃপক্ষই থলুৱা লোকক প্ৰবঞ্চনা কৰা বন্ধ কৰক, আই অ' চি এলৰ দাদাগিৰি বন্ধ কৰক, আমাৰ দাবী অতিশীঘ্ৰেই পূৰণ কৰক, উত্তৰ-পূৰ্বাঞ্চল পেকড্ ৰন্ধন গেছ পৰিবহন এছ'চিয়েশ্বন জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে ।

ৰাতিপুৱাৰ পৰা আৰম্ভ হোৱা এই আন্দোলন কাৰ্যসূচীৰ ফলত বঙাইগাঁও শোধনাগাৰ এলপিজি বটলিং প্লেন্টৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা পৰিবহন সেৱা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে । লক্ষ্যনীয় ভাবে উত্তৰ-পূৰ্বাঞ্চল পেকড্ ৰন্ধন গেছ পৰিবহন এছ'চিয়েশ্বনে এই অনিৰ্দিষ্ট কাললৈ ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰিবহন সেৱা বন্ধ আন্দোলনৰ সমৰ্থনত আগবাঢ়ি আহে বঙাইগাঁও শোধনাগাৰ এলপিজি কেৰিয়াৰ ট্ৰাক ড্ৰাইভাৰ এছ'চিয়েশ্বনৰ কৰ্মকৰ্তা সকলে।

তেখেতসকলৰ মতে ট্ৰাকৰ মালিক পক্ষই যদি আই অ' চি এলৰ কতৃপক্ষৰ কাৰণে লোকচানৰ সন্মুখীন হ'ব লগা হয় তেনেহলে আমাৰ নিচিনা ট্ৰাক চালক সকলক দৰমহা কেনেকৈ দিব আৰু আমি পৰিয়াল কেনেকৈ পোহপাল দিম? যাৰ কাৰণে আমি আজি উত্তৰ-পূৰ্বাঞ্চল পেকড্ ৰন্ধন গেছ পৰিবহন এছোচিয়েচনৰ আন্দোলন কাৰ্যসূচীত সমৰ্থন আগবঢ়াইছো বুলি সদৰি কৰে ।

আজিৰ পৰা আৰম্ভ হোৱা এই অনিৰ্দিষ্ট কালৰ বন্ধ কাৰ্যসূচীৰ ফলত বঙাইগাঁও শোধনাগাৰৰ এলপিজি বটলিং প্লেন্টৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আৰম্ভ কৰি নামনি অসমত মুঠ ৯৬ টা ৰন্ধন গেছৰ বিতৰক সকলক চিলিণ্ডাৰ যোগান ধৰা হয় । এই আন্দোলনৰ ফলত গ্ৰাহক সকলৰ মাজত অহা দুই এদিনত বিশেষ প্ৰভাৱ নপৰিব বুলি ধাৰনা কৰা হৈছে কিন্তু তাৰ বিপৰীতে এই ৰন্ধন গেছৰ পৰিবহন সেৱাৰ আন্দোলন কাৰ্যসূচী দীঘলীয়া হয় তেনেহলে সমগ্ৰ ৰাজ্যজুৰি ৰন্ধন গেছৰ তীব্ৰ নাটনিৰ আশংকা কৰা হৈছে ।

এই সমস্যা সৃষ্টি হোৱাৰ আগতে ৰাজ্য চৰকাৰৰ লগতে ভাৰতীয় তেল নিগম লিমিটেড অৰ্থ্যাৎ আই অ' চি এল কতৃপক্ষই কি ব্যবস্থা গ্ৰহণ কৰে সেয়া আগন্তুক সময়ত লক্ষ্যনীয় হ'ব ।