চুঙাজানত কৃষকৰ হাঁহাকাৰ! পথাৰতে নষ্ট কুইন্টেলে কুইন্টেলে শাক-পাচলি…

চুঙাজানত কৃষকৰ হাঁহাকাৰ! পথাৰতে নষ্ট কুইন্টেলে কুইন্টেলে শাক-পাচলি…

author-image
asomiyapratidin
New Update
চুঙাজানত কৃষকৰ হাঁহাকাৰ! পথাৰতে নষ্ট কুইন্টেলে কুইন্টেলে শাক-পাচলি…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্ত চুঙাজান কৃষি প্ৰধান অঞ্চল। অঞ্চলটোৰ সৰহ সংখ্যক লোকেই কৃষিজীৱি। কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে দেশত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা লকডাউন এমাহ অতিক্ৰম কৰিলে।

Advertisment

বৰ্তমান দেশত দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত আছে। তলাবন্ধ বাবে ভাৰতৰ দৰে জনবহুল দেশত মহামাৰী কোৰোনা নিয়ন্ত্ৰণ কৰাত সফল হৈছে যদিও লকডাউনৰ পৰিপ্ৰেক্ষিতত বিপদত পৰিব লগা হৈছে সাধাৰণ কৃষক আৰু দিনহাজিৰা কৰা লোক সকল । কৃষকে বজাৰলৈ নিব পৰা উৎপাদিত নাই ফচল ।লকডাউনৰ ফলত বজাৰৰ অভাৱত পথাৰতে গেলিছে শাক-পাচলি।

গোলাঘাট জিলাৰ সৰুপথাৰ বিধান সভা সমষ্টিৰ চুঙাজান গাঁও পঞ্চায়তৰ ৰায়পথাৰ গাঁৱৰ বহু কৃষকে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছিল বহু নিবনুৱাই ।এতিয়া প্ৰায় ৫০ বিঘা মাটিৰ পাচলি খেতিত কুইন্টেলে কুইন্টেলে বিলাহী, দাংবডী, বেঙেনা,কেৰেলা, জলকীয়া আদিৰ দৰে পাচলি গেলি পচি যোৱাৰ ফলত কৃষক ৰাইজলৈ আহিছে অমানিশা । এতিয়া চৰকাৰে কৃষকৰ শেষ ভৰসা।