/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/nahor-19.jpg)
ডিজিটেল সংবাদ চৰাইদউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তগৰ্ত এঙেৰা অঞ্চলত এটা নাহৰফুটুকী বাঘে মুকলিকৈ বিচৰণ কৰাক লৈ আতংকৰ সৃষ্টি হৈছে৷শনিবাৰে সন্ধিয়া অঞ্চলটোত ধোদৰ আলিৰ কাষতে থকা এঘৰৰ লোকৰ বাসগৃহ সন্মুখত নাহৰফুটুকীটো বহি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷
বৃহত্তৰ গ্ৰামাঞ্চলটোৰ জনবসতি প্ৰধান অঞ্চলত মুক্ত বিচৰণ কৰা বাঘটো শীঘ্ৰে পিঞ্জৰাবদ্ধ কৰি এক নিৰাপদ পৰিবেশ সৃষ্টি কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগক দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us