/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/xxxx-deadbdyngaonnnews-3-copy.jpg)
ডিজিটেল সংবাদ, চিৰাং: যোৱা কেইটা মাহ ধৰি চিৰাং জিলাৰ বিভিন্ন এলেকাৰ পৰা এটাৰ পিছত এটা বন্যপ্ৰাণীৰ অঙ্গ-প্ৰতঙ্গ নাইবা জীৱিত বন্যপ্ৰাণীৰ সৰবৰাহকাৰী আটক হোৱা পিছত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে চিৰাং জিলা এতিয়া যেন বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰী সকলৰ মুখ্য কৰিড'ৰ হৈ পৰিছে নেকি । কাৰণ শনিবাৰে দুপৰীয়াৰ ভাগত বিশেষ সুত্ৰৰ ভিত্তিত চিৰাং জিলা বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাই যৌথ ভাবে অভিযান চলাই পুনৰ ঢালিগাঁও এলেকাৰ পৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা বনৰৌ সহ তিনিজন চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰীৰ আন্তৰ্জাতিক চক্ৰৰ সদস্য আটক কৰে।
আটকাধীন চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰী কেইজন ক্ৰমে শঙ্কু দত্ত, সন্দীপ সাহা আৰু আৰাধন সৰকাৰ। অভিযানকাৰী দলটোৱে চক্ৰটোৰ পৰা এখন পঞ্জীয়ন নং বিহীন চাৰিচকীয়া বাহন জব্দ কৰে। আজিৰ এই অভিযান সন্দৰ্ভত চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে এক বিশেষ সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে- বন্যপ্ৰাণী সৰবৰাহকাৰীৰ এটা আন্তৰ্জাতিক চক্ৰই চুবুৰীয়া ৰাজ্য মেঘালয় আৰু কোকৰাঝাৰ জিলাৰ চক্ৰশিলা সংৰক্ষিত বনাঞ্চল এলেকাৰ পৰা মুঠ ছটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌ ৭/৮ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰি বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছে । সেইমতে চিৰাং বনসংমণ্ডল আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাই যৌথ ভাবে বন্যপ্ৰাণীৰ চোৰাং ব্যবসায়ীৰ ভাও জুৰি ফোন যোগে এক কোটি টকাৰ বিনিময়ত বন্দবস্ত কৰি আন্তৰ্জাতিক বন্যপ্ৰাণী চক্ৰৰ পৰা ক্ৰয় কৰাৰ জাল পেলায় আৰু আজি দুপৰীয়াৰ ভাগত সেই চক্ৰটোৰ তিনিগৰাকী সদস্য চিৰাঙৰ ঢালিগাঁৱত অভিযানকাৰী দলটোৰ জালত পৰে ।
আটক কৰা বন্যপ্ৰাণী সৰবৰাহকাৰী শঙ্কু দত্ত, সন্দীপ সাহাৰ ঘৰ পশ্চিমবংগৰ মালদা চহৰত আৰু আৰাধন সৰকাৰৰ ঘৰ বঙাইগাঁও জিলাৰ চুঙাপুতা গাঁৱত । বন্যপ্ৰাণী চোৰাং ব্যবসায় চক্ৰটোৰ শঙ্কু দত্ত এনচিবি কৰ্মচাৰী । উত্তৰ-পূৰ্বাঞ্চলত অধিক সক্ৰীয় হৈ থকা বন্যপ্ৰাণী চোৰাং সৰবৰাহকাৰীৰ আন্তৰ্জাতিক চক্ৰটোয়ে এনেধৰনৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বিভিন্ন বন্যপ্ৰাণী গোপন পথেৰে বিদেশৰ বজাৰত বিক্ৰী কৰে । আটকাধীন তিনিজনৰ পৰা অধিক তথ্য উদঘাটন কৰাৰ বাবে চিৰাং জিলা বনবিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাই সোধপোছ অব্যাহত আছে । মন কৰিবলগীয়া যে যোৱা অক্টোবৰ মাহতো বনবিভাগৰ লোকে অভিযান চলাই এটা বনৰৌ সহ চাৰিজন বন্যপ্ৰাণী সৰবৰাহকাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল ।