২৪ ঘন্টাৰ মূৰত উদ্ধাৰ হ’ল জলসিঞ্চনৰ নলাৰ পানীত উটি গৈ নিৰুদ্দেশ হোৱা কণমানি লক্ষ্মিতা ৰায়ৰ মৃতদেহ…

২৪ ঘন্টাৰ মূৰত উদ্ধাৰ হ’ল জলসিঞ্চনৰ নলাৰ পানীত উটি গৈ নিৰুদ্দেশ হোৱা কণমানি লক্ষ্মিতা ৰায়ৰ মৃতদেহ…

author-image
asomiyapratidin
New Update
২৪ ঘন্টাৰ মূৰত উদ্ধাৰ হ’ল জলসিঞ্চনৰ নলাৰ পানীত উটি গৈ নিৰুদ্দেশ হোৱা কণমানি লক্ষ্মিতা ৰায়ৰ মৃতদেহ…

ডিজিটেল সংবাদ চিৰাংঃ অৱশেষত ২৪ ঘন্টাৰ মূৰত আজি দুপৰীয়াৰ ভাগত উদ্ধাৰ হ'ল চিৰাঙৰ ৰুণীখাতাৰ ৰায়বস্তী গাঁৱৰ জলসিঞ্চনৰ নলাত উটি গৈ নিৰুদ্দেশ হোৱা কণমানি লক্ষ্মিতা ৰায়ৰ মৃতদেহ । উল্লেখ্য যে ৰাতিপুৱাৰ পৰা ৰুণীখাতা থানাৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ এটা ১০ জনীয়াৰ দলে উটি যোৱাৰ সন্দেহ কৰা উক্ত জলসিঞ্চনৰ নলাৰ পানীত নামি প্ৰায় ৭ কিলোমিটাৰ ভটিয়াই গৈ নিৰুদ্দেশ কণমানি জনীৰ সন্ধানত অভিযান চলাই। এই অভিযানৰ সময়তে নিৰুদ্দেশ হোৱাৰ ঠাইৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত পূৱ গোলাঝাৰ গাঁৱৰ উক্ত নলাৰ পানীত কণমানি জনীৰ নিথৰ দেহ উটি গৈ থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি ৰুণীখাতা থানাৰ আৰক্ষীক খবৰ দিয়ে ।

Advertisment

খবৰ লাভ কৰি নামনি অংশত সন্ধান চলাই থকা ৰুণীখাতা থানাৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ লোকে আহি মৃতদেহ উদ্ধাৰ কৰে । নিৰুদ্দেশ হোৱাৰ ২৪ ঘন্টাৰ পিছত কণমানি জনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । কণমানিজনীৰ অকাল মৃত্যুত পৰিয়ালৰ শোকত ভাগি পৰে আৰু চৌদিশে কান্দোনৰ ৰোল পৰি যায় ।

বেংতল ৰাজহচক্ৰ বিষয়া তথা দণ্ডাধীশ প্ৰাঞ্জল বৰুৱা শৰ্মাৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে । উল্লেখ্য যে কালি অৰ্থ্যাৎ মঙ্গলবাৰ দুপৰীয়া এটা বজাত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাৰ ৰায়বস্তীৰ বাসিন্দা শঙ্কৰদেৱ ৰায় আৰু অনিমা ৰায়ৰ ১ বছৰ ৯ মাহ বয়সৰ কন্যা লক্ষ্মিতা ৰায় বাই ভনীৰ সৈতে জলসিঞ্চনৰ নলাৰ দাঁতিত খেলি থকাৰ সময়তে নলাৰ পানীত পৰি সোঁতত উটি গৈ নিৰুদ্দেশ হৈ আছিল অৱশেষত আজি তাইৰ নিথৰ দেহ পানীৰ পৰা উদ্ধাৰ হ'ল।