/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/rahul.jpg)
ডিজিটেল সংবাদ, চিৰাং, : চিৰাঙৰ বিজনীত "লাভ জেহাদ" ৰ দৰে এটা ঘটনা সংঘটিত হৈছে । মুছলমান সম্প্ৰদায়ৰ যুৱক এজনে নিজকে হিন্দু বুলি পৰিচয় দি এজনী পোন্ধৰ বছৰীয়া হিন্দু কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি কেইদিনমান আগতে পলুৱাই লৈ যোৱাৰ ঘটনা সংঘটিত হৈছিল।
তাকে লৈ বিজনীত বিভিন্ন দল সংগঠন মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । জানিব পৰা মতে চিৰাং জিলাৰ আমগুৰী থানাৰ নাঙলভাঙাৰ বাসিন্দা আলিবুল ইছলামে নিজৰ ইছলাম ধৰ্মৰ কথা গোপন কৰি নিজকে হিন্দু সম্প্ৰদায়ৰ "ৰাহুল দাস" বুলি পৰিচয় দি বিজনীৰ আমগুৰীৰ এগৰাকী ১৫ বছৰীয়া নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলে।
তাৰপাছতেই প্ৰায় ৬ দিন পূৰ্বে কিশোৰী গৰাকীৰ পৰিয়ালৰ অজ্ঞাতে আলিবুল ইছলাম ওৰফে ৰাহুল দাসে পলুৱাই লৈ যায় । পৰৱৰ্তী সময়ত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত বিজনীত থানাত এখনি কিশোৰী অপহৰণৰ এজাহাৰ দাখিল কৰে ।
বিজনী থানাৰ আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত অনুসন্ধান আৰম্ভ কৰে আৰু বিশেষ তথ্যৰ ভিত্তিত বুধবাৰ পুৱতি নিশা ৩ বজাত নাঙলভাঙাৰ নিদিষ্ট ঘৰত অভিযান চলাই অপহৃত কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে ভণ্ড প্ৰেমিক তথা অপহৰণকাৰী আলিবুল হুছেইন ওৰফে ৰাহুল দাসক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ লৈ আহে । ইপিনে বিজনীৰ মুছলমান সম্প্ৰদায়ৰ যুৱকে নিজৰ ধৰ্ম-নাম গোপন কৰি এজনী নাবালিকা হিন্দু কিশোৰীৰ সৈতে প্ৰেমৰ নাটক আৰু পলুৱাই লৈ যোৱা এই সমগ্ৰ ঘটনাক এক পূৰ্ব পৰিকল্পিত "লাভ জেহাদ" বুলি আখ্যা দিয়ে বিজনীৰ বজৰংগ দলৰ নেতা কৰ্মী সকলে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা "লাভ জেহাদী" আলিবুল ইছলামক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে লগতে বিজনীৰ আৰক্ষীৰ এই সফল অভিযানৰ বাবে শলাগ লয় । উল্লেখ্য "তামেজ মিউজিক কোম্পানী " নামৰ ইউটিউব চেনেল এটাত আলিবুল আৰু নাবালিকা ছোৱালী গৰাকীয়ে একেলগে কাম কৰিছিল আৰু সেই কাম কৰাৰ সময়তে উভয়ৰে মাজত প্ৰেমৰ সূত্ৰপাত হৈছিল । বিজনীৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰাৰ অধীনত বিজনী থানাত ৯৩/২০২২ নম্বৰ গোচৰ ৰুজু কৰিছে ।
আৰু পঢ়ক: নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পাগা…