/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/21a60ca6-827f-428a-85a5-db934b818c9a.jpg)
ডিজিটেল সংবাদ, টীয়কঃ যোৱা ২১এপ্ৰিল তাৰিখৰ বিয়লি অহা এজাক ধুমুহাই যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত চিন্তামণিগড় গাঁও পঞ্চায়ত এলেকাৰ চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়খনিৰ বিস্তৰ ক্ষতিসাধন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমূহ ৰাইজ একত্ৰিত হৈ লকডাউনৰ পাছত বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ আগতেই মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/23192d54-9b0e-4008-b08f-50bc813a7c75-1024x317.jpg)
এই অনুসৰি পৰিচালনা সমিতিৰ সভাপতি ডিম্বেশ্বৰ দত্ত, প্ৰধান শিক্ষক তিলক চন্দ্ৰ বৰুৱা, শুভাকাংশী অৰুণজ্যোতি গগৈ, বিজু কুমাৰ শৰ্মা, বদন শইকীয়া, ৰাতুল ফুকন, প্ৰাক্তন শিক্ষক কমল চন্দ্ৰ গগৈ, প্ৰাক্তন ছাত্ৰ জিতু নেওগ, দিগন্ত চাংমাই, যদুমণি বৰুৱা, প্ৰাঞ্জল ৰাজখোৱাই সামাজিক ব্যৱধানৰ নীতি-নিয়মৰ মাজত আলোচনা কৰি এখনি ন-পুৰণি শিক্ষক-ছাত্ৰ আৰু শুভাকাংশীৰ এক্য মঞ্চৰ বাবে তদৰ্থ সমিতি গঠন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/509f235a-24fa-4f25-8b04-4dc5c28111dd.jpg)
সিদ্ধান্ত অনুসৰি পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি ডিম্বেশ্বৰ দত্তক সভাপতি, অৰুণজ্যোতি গগৈক কাৰ্যকৰী সভাপতি আৰু জিতু নেওগক সম্পাদক হিচাপে লৈ গঠন কৰা এই সমিতিখনেই সকলোৰে লগত যোগাযোগ কৰি বিদ্যালয় গৃহৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ভৱিষ্যতেও বিদ্যালয়খনৰ শৈক্ষিক আৰু আনুষংগিক উন্নয়নৰ বাবে কাম কৰি যাব বুলি সম্পাদক জিতু নেওগে জানিবলৈ দিয়ে যে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলক ৬০০৯৩০৪৪০, ৯৮৫৪১২৪৫২২ নাইবা ৯৯৫৭৮৭৯৬৬২ নম্বৰত যোগযোগ কৰিবলৈ আহ্বান জনাইছে। সভাত উপস্থিত ব্যক্তি সকলৰ লগতে বিভিন্ন সহৃদ ব্যক্তিয়ে এঘন্টাৰ ভিতৰতে মুঠ ৬৫ হাজাৰ টকা আগবঢ়ায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/017ba4eb-3ced-4f8f-ac20-d8f1e5e6a753-1024x576.jpg)