ঘিলাধাৰী নদীত অচিনাক্ত কিশোৰৰ মৃতদেহ উদ্ধাৰ

ঘিলাধাৰী নদীত অচিনাক্ত কিশোৰৰ মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
ঘিলাধাৰী নদীত অচিনাক্ত কিশোৰৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, বিহালীঃ মঙলবাৰে বিয়লি বিশ্বনাথ আৰক্ষী থানাৰ অন্তৰ্গত মুখৰগড়ৰ চাহ বাগিছাৰ সমীপৰ এলেকাৰ ঘিলাধাৰী নদীৰ বুকুত এটি প্ৰায় ৮ /১০ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় ৰাইজে নদীৰ বুকুত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষী-প্ৰশাসনক খবৰ দিয়ে। ইয়াৰ পাছতে ঘটনাস্থলীত প্ৰশাসনৰ লোৰ উপস্থিত হৈ শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰে ৷

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, বাতৰি লিখা পৰলৈকে মৃতদেহটোৰ চিনাক্তকৰণ হোৱা নাই ৷ ইপিনে স্থানীয় লোকে কিশোৰটোক কোনো লোকে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। সেয়ে ৰাইজে আৰক্ষী-প্ৰশাসনক তদন্তৰ দাবী কৰিছে ৷

Also Read: ৰঙাপৰাত বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ...

Ghiladhari river Ghiladhari river dead body