মহাষ্টমীৰ দিনা কামাখ্যাত বিজেপি সমৰ্থকৰ ভিৰত আৱদ্ধ দেশৰ মুখ্য ন্যায়াধীশ

মহাষ্টমীৰ দিনা কামাখ্যাত বিজেপি সমৰ্থকৰ ভিৰত আৱদ্ধ দেশৰ মুখ্য ন্যায়াধীশ

author-image
asomiyapratidin
New Update
মহাষ্টমীৰ দিনা কামাখ্যাত বিজেপি সমৰ্থকৰ ভিৰত আৱদ্ধ দেশৰ মুখ্য ন্যায়াধীশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মহাষ্টমীৰ দিনা কামাখ্যা দৰ্শন কৰিবলৈ গৈ সন্মুখীন হয় এক অস্বস্তিকৰ পৰিৱেশৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কামাখ্যা দৰ্শন কৰাৰ সময়তে মুখ্য ন্যায়াধীশগৰাকীও উক্ত স্থানত উপস্থিত হয়।

Advertisment

অমিত শ্বাহ কামাখ্যাত উপস্থিত হোৱাৰ খবৰ পায়েই শতাধিক বিজেপি সমৰ্থকে কামাখ্যালৈ যোৱা পথত ভিৰ কৰে। এনে ভিৰৰ ফলত আদবাটতে আৱদ্ধ হৈ পৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকী।

ব্যস্ত কাৰ্যসূচীৰ মাজতে ভিৰত বহুসময় আৱদ্ধ হ'বলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে মুখ্য ন্যায়াধীশ গগৈ। লগে লগে ক্ষুব্ধ ন্যায়াধীশগৰাকীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক এনে পৰিস্থিতি কিদৰে উদ্ভৱ হ'বলৈ পালে বুলি প্ৰশ্ন কৰি নিজৰ অসন্তুষ্টি ব্যক্ত কৰে।

প্ৰট'কল অনুযায়ী দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ ভ্ৰমণৰ সময়ত প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিও সেয়া নকৰাৰ পৰিপ্ৰেক্ষিততে সংঘটিত হ'বলৈ পায় এনে অবাঞ্চিত পৰিস্থিতিৰ। দেশৰ মুখ্য ন্যায়াধীশ এগৰাকী এনেদৰে প্ৰশাসনৰ অমনোযোগিতা আৰু ভুলৰ বাবে ৰাজপথত আৱদ্ধ হ'বলগীয়া হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে।

উল্লেখ্য যে, শপত গ্ৰহণৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে গৃহৰাজ্যত উপস্থিত হৈছিল দেশৰ মুখ্য ন্যায়াধীশগৰাকী। আজি ভিৰৰ মাজতে কামাখ্যাত সপত্নীক উপস্থিত হৈ দেৱীৰ আশীষ গ্ৰহণ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে।