/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/CHENGA-WOMAN-FRAUD-CAUGHT-BY-PEOPLE.jpg)
ডিজিটেল সংবাদ, চেঙাঃ চাকৰি দিয়াৰ নামত টকা লোৱাৰ অভিযোগত এইবাৰ আৱদ্ধ হ'ল এগৰাকী মহিলা। গড়কাপ্তানি বিভাগৰ পিয়নৰ পদত চাকৰি দিম বুলি সৰকালে বৃহৎ পৰিমাণৰ ধন। নিজকে গড়কাপ্তানি বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ বুলি চিনাকি দিয়া এইগৰাকী মহিলাৰ বিৰুদ্ধে উঠিছে অভিযোগ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাটগাঁৱৰ মতাবড়ীৰ দিলীপ মণ্ডলক চাকৰি দিম বুলি লৈছিল এক লাখ ষাঠি হাজাৰ টকা।
দুই লাখ টকাত চুক্তি আছিল চাকৰিটো। বাকী থকা চল্লিশ হাজাৰ টকা নিবলৈ আহোতে দেওবাৰে মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ স্বামীক আবদ্ধ কৰে দিলীপ মণ্ডলে। বাটগাঁৱত থকা দিলীপ মণ্ডলৰ চাহ দোকানত আৱদ্ধ কৰি ৰাখে দুয়োকে। প্ৰনিতা দাস নামৰ এই প্ৰবঞ্চক মহিলা গৰাকী প্ৰায়েই সোমাইছিল হোটেলখনত চাহ খাবলৈ। সেই সূত্ৰেই চিনাকি থকা হোটেলৰ গৰাকী দিলীপ মণ্ডলৰ পৰা চাকৰি দিয়াৰ নামত সৰকাইছিল বৃহৎ ধন। এই অভিযোগ দিলীপ মণ্ডলৰ। আনহাতে মহিলাগৰাকীয়ে ঠিকাৰ নামতহে টকা লোৱা বুলি স্বীকাৰ কৰিছে।বৰপেটাৰ বাতিকুৰিহাত ঘৰ যদিও মহিলাগৰাকী গনেশগুৰিত থাকে বুলি জানিব পৰা গৈছে।
আনহাতে আন এক চাঞ্চল্যকৰ অভিযোগ পোৱা গৈছে এইগৰাকী মহিলাৰ বিৰুদ্ধে। এইগৰাকী মহিলাই তিনিবছৰ পূৰ্বে নলবাৰী জিলাৰ দৌলাশালৰ অজিত পাঠকক পিয়নৰ চাকৰি দিয়াৰ প্ৰলোভনেৰে সৰকাইছিল বৃহৎ পৰিমাণৰ ধন। পিছত চাকৰিও নাই টকাও নাই। কেইবাদিনো মহিলাগৰাকীয়ে টকা ওভোতাই দিয়াৰ কথা আছিল যদিও মহিলাগৰাকীৰ কোনো খবৰ নাই। এই অভিযোগ কৰিছে দৌলাশালৰ ভুক্তভোগী ব্যক্তি অজিত পাঠকে।