/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/5b4b41c0-cff7-422a-b1dd-9a603c85f0a4.jpg)
ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভিঠা গাঁৱত দীৰ্ঘদিন ধৰি চলি থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেইবাটাও পৰিয়ালৰ ভেটি-মাটি উচন হোৱাৰ লগতে হাজাৰ হাজাৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। যোৱা এমাহ ধৰি বৰভিঠা গাঁৱত খহনীয়াই কালৰূপ ধৰিছে।চপৰা চপৰে খহিছে লুইতৰ গৰা।
বিগত চাৰিদিনত কুৰিটাৰো অধিক পৰিয়ালে নিজৰ বাসগৃহ ভাঙি অন্য স্থানলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছে।লগতে শ শ বিঘা মৰাপাটকে ধৰি অন্যান্য খেতি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছ । এনেদৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হ'বলগীয়া হোৱাত শ্ৰমজীৱি মানুহখিনিৰ আলাই আথানি নোহোৱা হৈছে।এনেকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থাকিলে অচিৰেই অসমৰ মানচিত্ৰৰ পৰা ঐতিহাসিক বৰভিঠা গাঁও নিচিহ্ন হৈ যাব তাত কোনো সন্দেহ নাই ।
চেঙা বিধানসভা সমষ্টিৰ বহৰি, পদ্মপাৰা, বৰভিঠা, বালাট্টাৰী, চেনিমাৰী, ৰৌমাৰী গাঁও, ৰৌমাৰী পাথাৰত তীব্ৰ গৰাখহনীয়া চলি আছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত আছে জনপ্ৰতিনিধি আৰু জলসম্পদ বিভাগ। বৰভিঠাৰ গৰাখহনীয়া পৰিদৰ্শন কালত সাংবাদিকৰে হোৱা বাৰ্তালাপত স্থানীয় লোকে বিধায়ক শুকুৰ আলী আহমেদৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কয় যে বিধায়ক শুকুৰ আলী আহমেদে গৰাখহনীয়া প্ৰতিৰোধৰ নামত একো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু খহনীয়াত সৰ্বস্বান্ত হোৱা শ্ৰমজীৱি মানুহখিনিৰো খা-খবৰ লোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/57918535-7f94-40dc-945c-19ec3db6bfe0-470x1024.jpg)
লগতে স্থানীয় লোকে অভিযোগ কৰে যে- দুই এটা সৰু-সুৰা আঁচনি গ্ৰহণ কৰে যদিও সেই আঁচনিৰ সৰহ ভাগ ধনেই আত্মসাৎ কৰে একাংশ দালালে। ডিজিটেল ইণ্ডিয়াৰ দিনত ব্ৰহ্মপুত্ৰৰ খহনীয়া বিজ্ঞান সন্মত ভাবে ৰোধ কৰিব পাৰে যদিও বিধায়ক শুকুৰ আলী আহমেদৰ অমনোযোগিতা আৰু অকৰ্মণ্যতাৰ বাবে এই কাম সফল হোৱা নাই বুলি খেদ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে । যিকোনো প্ৰকাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তলৈ কাতৰ আহ্বান জনাইছে বৰভিঠাবাসী ৰাইজে।