ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু…

ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু…

author-image
asomiyapratidin
New Update
নুনমাটিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ ছয়গাঁৱত এগৰাকী ক'ৰোনা আক্ৰান্ত লোকৰ মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে ছয়গাঁৱ বিধান সভা সমষ্টিৰ প্ৰীতিপুৰগাঁৱৰ ওচমান আলি (৫০)নামৰ লোকগৰাকীৰ শৰীৰত আজিৰ পৰা পাঁচ দিন আগতে কোভিড-১৯পজিটিভ ধৰা পৰিছিল।

আৰক্ষী-প্ৰশাসনৰ সহযোগত ওচমান আলিক চিকিৎসা বিভাগে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কোভিড আইশ্যলেশ্চন কেন্দ্ৰত ভৰ্তি কৰায়। কিন্তু লোকগৰাকীৰ যোৱা নিশা প্ৰায় ১২বজাত মৃত্যু হয় ।

মৃত্যুৰ সময়ত লোক গৰাকীয়ে পত্নী আৰু এগৰাকী পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়। উল্লেখযোগ্য যে ক'ৰোনাত মৃত্যু হোৱা ওচমান আলি ছয়গাঁৱ উদ্যোগিক বিকাশ কেন্দ্ৰৰ জামবাৰীত থকা মিলটন কোম্পানীৰ ছিক'ৰিটি গাৰ্ড হিচাপে কাম কৰিছিল।