Published on:
Updated on:
- চৰাইদেউৰ টেঙাপুখুৰী লাহন গাঁৱত যোৱা নিশা এক হত্যাকাণ্ড সংঘটিত হয়।
- গোলাপ ফুকন নামৰ এজন ব্যক্তিজনক চোকা অস্ত্ৰৰে হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় দুস্কৃতিকাৰীয়ে।
- মৃত গোলাপ ফুকনৰ ঘৰ টেঙাপুখুৰী আৰক্ষী চকী অন্তৰ্গত মোহন গাঁৱত ।
- এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
- তেওঁ লাহন গাঁৱৰ কিছু নিলগত থকা খেতিপথাৰৰ পৰা চাইকেলেৰে ঘৰলৈ ঘুৰি অহা সময়ততে এই হত্যাকাণ্ডটো সংঘটিত হয় ।
- ঘটনাৰ সন্দৰ্ভত পৰিয়ালবৰ্গই আৰক্ষীক এজাহাৰ দাখিল কৰিছে ।
- আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in