‘কা’ বিৰোধিতাৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ… VIDEO

‘কা’ বিৰোধিতাৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ… VIDEO

author-image
asomiyapratidin
New Update
‘কা’ বিৰোধিতাৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ… VIDEO

ডিজিটেল সংবাদ, চৰাইদেউঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে চৰাইদেউ জিলাতো ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিশাল মটৰ চাইকেল সমদল উলিয়ায়। সদৌ অসম ছাত্ৰ সন্থা আহ্বানত ছাত্ৰ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ নেতা-কৰ্মী সকলে প্ৰথমতে সোণাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মিলিত হয়।

ইয়াৰ পিছত 'কা আমি নামানো' , 'আছু জিন্দাবাদ' , 'বিজেপিক মুৰ্দাবাদ' আদি শ্লোগান দি জিলাখনৰ বিভিন্ন ঠাই পৰিভ্ৰম কৰি আকাশ-বতাহ কঁপাই পৰিবেশ উত্তাল কৰি তোলে। এই কাৰ্যসূচীত জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷