/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/df66adba-c7d0-427b-af68-3d443b46d84f/sar.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, সোণাৰি সমষ্টিৰ একালৰ বিধায়ক, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ তথা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শৰৎ বৰকটকীৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে ।
প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা আৰু সম্পাদক প্ৰণৱ বৰগোহাঁইয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোকবাৰ্তা কয়, প্ৰবীণ ৰাজনীতিক গৰাকীৰ মৃত্যুত অসমে এগৰাকী আদৰ্শৱান ৰাজনীতিবিদক হেৰুৱালে ৷ ক্লাৱে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
Also Read: অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাঃ নিহতৰ সংখ্যা ১৩, আহত ৫০ ৰো অধিক