/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/530f7921-b6c5-41d7-9fb6-c552c0080e5c/fdfdfd.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ: ভাৰতীয় পুৰাতত্ত্ব সৰ্ব্বেক্ষণ বিভাগৰ গুৱাহাটী মণ্ডলৰ উদ্যোগত ঐতিহাসিক চৰাইদেউ প্ৰত্নতাত্বিক স্থানত ১৯ নৱেম্বৰ পৰা আৰম্ভ হোৱা বিশ্ব ঐতিহ্য সপ্তাহ-২০২৩ ৰ শনিবাৰে সফল সামৰণি পৰে ৷ এই উপলক্ষে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত ঐতিহ্য সপ্তাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷
সোনাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে৷ ইয়াৰ পিচতে কেন্দ্ৰীয় পুৰাত্বত্ত বিভাগৰ যুটীয়া সঞ্চালনক এন কে চোৱাইনে আদৰণি ভাষণ আগবঢ়ায় ৷ সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, কেন্দ্ৰীয় পুৰাত্বত্ত বিভাগৰযুটীয়া সঞ্চালনক এন কে চোৱাইন,শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগ, চৰাইদেউ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত আয়ুক্ত পলাশ ৰঞ্জন আহোম,ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপ সঞ্চালক ড° নৱজিৎ দেউৰী, স্বৰ্গদেউ সকলৰ স্মৃতি তৰ্পণ সমিতিৰ সম্পাদক অতুল ৰাজকোঁৱৰ, সভাপতি ৰোহিনী মহন, কেন্দ্ৰীয় পুৰাত্বত্ত বিভাগৰ বিষয়া টি আৰ শৰ্মা, সমাজকৰ্মী সুৰেন মহন,বীৰেশ্বৰ বড়া,প্ৰাক্তন শিক্ষক সত্যন কোঁৱৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷
সভাত বিশ্ব ঐতিহ্য সপ্তাহ উপলক্ষত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকল মানপত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃতি কৰা হয় ৷ অনুষ্ঠানত মথুৰাপুৰ শংকৰদেৱে শিশু বিদ্যা নিকেতনৰ ছাত্ৰ- ছাত্ৰীসকলে এক সাংস্কৃতিক অনুষ্ঠান পৰিৱেশ কৰি উপস্থিতি সকলে দৰ্শকে আপ্লুত কৰে ৷
Also Read: নিৰ্মীয়মান পানী যোগান আঁচনিৰ টেংকি খহি পৰি গুৰুতৰভাৱে আহত ২ শ্ৰমিক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us