ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ অভয়পুৰত দেওবাৰে বিয়লি চৰাইদেউ জিলাৰ অভয়পুৰ অঞ্চলত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ২০ গৰাকী যাত্ৰী আহত হয় ৷ দুৰ্ঘটনাৰ খবৰ পাই দুৰ্ঘটনাস্থলীত সোণাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লোৱা লগতে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ৷ গুৰুতৰভাৱে জখম হোৱা যাত্ৰীসকলক উন্নত চিকিৎসা ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগ নিৰ্দেশ দিছে ৷