২৪ ঘণ্টাত আৰক্ষীৰ সফলতা: চাপৰৰ লোহমৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল...

চাপৰৰ চৰুৱাবাখৰাৰ মছজিদৰ ইমাম হত্যাকাণ্ডৰ নতুন মূৰ। লোহমৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল...

author-image
Asomiya Pratidin
New Update
২৪ ঘণ্টাত আৰক্ষীৰ সফলতা: চাপৰৰ লোহমৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল...

ডিজিটেল সংবাদ, চাপৰ : চাপৰৰ চৰুৱাবাখৰাৰ মছজিদৰ ইমাম হত্যাকাণ্ডৰ নতুন মোৰ। লোহমৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল। নিজ স্বামীক পৰকীয়া প্ৰেমিকৰ হতুৱাই হত্যা কৰোৱাৰ কথা পোহৰলৈ আহিছে। যোৱা ১৪ জুন তথা বুধবাৰৰ নিশা চাপৰৰ চৰুৱাবাখৰা গাঁৱত (ইমাম) আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যক্তিক হানি-খুচি হত্যা কৰিছিল।

ইয়াৰ পিছতেই সৃষ্টি হোৱা ৰহস্য ফলত আৰক্ষীৰ তদন্তত হত্যাকাণ্ডৰ আচল ৰহস্য ফাদিল হয়। জানিব পৰা মতে, মৃত আনোৱাৰ হুছেইনৰ পত্নী নুৰভানু খাতুনৰ বিবাহৰ পূৰ্বৰ পৰাই প্ৰেমৰ সম্পৰ্ক আছিল দূৰ সম্পৰ্কীয় ভিনদেউ নবিৰুল খন্দকাৰৰ সৈতে। প্ৰেমৰ সম্পৰ্কৰ মাজতে ৭মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল আনোৱাৰ হুছেইনৰ লগত। কিন্তু বিবাহৰ পিছতও প্ৰেমিকৰ সৈতে সম্পৰ্ক বজাই ৰাখিলে হত্যাকাৰী পত্নী নুৰভানুয়ে।

বিভিন্ন চলনাৰে ভিনদেউ নবিৰুলে অহা-যোৱা কৰিছিল ঘৰখনত। তাৰে সুযোগ গ্ৰহণ কৰি তিনিমাহ ধৰি পৰিকল্পনা ৰচিছিল আনোৱাৰক হত্যাৰ। অৱশেষত পৰিকল্পনা মতে কাম। নবিৰুল খন্দকাৰে লগত এজন চুপাৰি কিলাৰ জুলিয়াছ হাছদাক লৈ উক্ত হত্যাকাণ্ড সংঘটিত কৰে। পিছে আৰক্ষীৰ পৰা বাচিব নোৱাৰিল হত্যাকাৰী। অৱশেষত আৰক্ষীৰ জালত পৰিল হত্যাকাৰী নবিৰুল খন্দকাৰ, জুলিয়াছ হাছদা আৰু নুৰভানু খাতুন।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত হোৱা চকা অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে তিনিওকে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ইপিনে আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে মৃত আনোৱাৰ পৰিয়ালৰ লোকে। লগতে হত্যাকাৰীৰ ফাঁচি দিয়াৰে দাবী জনাই পৰিয়ালবৰ্গই।

Also Read: উদঘাটন হ'বনে প্ৰকৃত সত্য ? চি বি আইৰ সন্মুখত হাজিৰ হ'ল জোনমণিৰ মাতৃ...

Assam police