ডিজিটেল সংবাদ, কলিয়াবৰ: অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাওঁতাল জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান হিচাপে খ্যাত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চাওঁতাল জাতীয় সংগঠনৰ সহযোগত জাতিগত প্ৰমাণ পত্ৰ প্ৰমাণ প্ৰদান সন্দৰ্ভত আয়োজিত বিশেষ জাতীয় অভিৱৰ্তনত চাওঁতাল জনগোষ্ঠীৰ লোকসকলে চাহ জনগোষ্ঠী হিচাপে জাতিগত প্ৰমাণ পত্ৰ গ্ৰহণ নকৰাৰ সিদ্বান্ত লৈছে। শনিবাৰে কলিয়াবৰৰ হাটবৰ নাট্য মন্দিৰত অনুষ্ঠিত বিশেষ জাতীয় অভিৱৰ্তনত চাওঁতাল জন জনগোষ্ঠীৰ লোকসকলক চাওঁতাল হিচাপে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিবৰ বাবে অসম চৰকাৰক দাবী জনায়।
যদি চৰকাৰে চাওঁতাল জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰি চাওঁতাল হিচাপে প্ৰদান নকৰে তেনেহ'লে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ লগতে চাওঁতাল জাতীয় সংগঠন সমূহে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু হেম্বৰমৰ সভাপতত্বত অনুষ্ঠিত বিশেষ জাতীয় অভিৱৰ্তনত অসম চাওঁতালী সাহিত্য সভাৰ সভাপতি বেঞ্জামিন চৰেণ, অসম চাওঁতালী সাহিত্য পৰিষদৰ সভাপতি ডম্বৰুধৰ চৰেন, আচডাৰ সভাপতি দেবজিত হাচদা, এচেকাৰ সাধাৰণ সম্পাদক উৎপল চৰেণ, অসম চাওঁতালী যুৱ সন্থাৰ সম্পাদক বিনোদ চৰেণ, মাঝি মণ্ডল অসমৰ সাংগঠনিক সম্পাদক স্পপন হেম্বৰম, অসম চাওঁতালী মহিলা সমিতিৰ সহকাৰী সম্পাদিকা মায়াৰাণী হাচদা, বিশিষ্ট সমাজকৰ্মী বাপুৰাম কিস্কু, ভোলানাথ মাজি,সমাজসংগঠক বাপুৰাম বেশ্ৰা, ভাইমিন মাৰ্ডি, অধিবক্তা দিপাংকৰ হেম্বৰমকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থকা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমান চৰেণে।