/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-23-at-3.18.28-PM.jpeg)
ডিজিটেল সংবা, দুমুনিচকী :- বিভিন্ন সময়ত সামগ্ৰী ভৰ্তি ট্ৰাক নিশাৰ ভিতৰত নিৰুদ্দেশ হোৱা ঘটনাৰ বিষয়ে চৰ্চিত হৈ থকাৰ সময়ত শুকুৰবাৰে নিশা চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্মীনগৰ নিবাসী এজন ব্যৱসায়ীৰ ঘৰৰ চৌহদত বৃহৎ পৰিমাণৰ লোৰ ৰদ উদ্ধাৰ হয়।
উক্ত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে অঞ্চলটোৰ লোক সকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে দিলুৱাৰ হুছেইনে (পেচাত ভঙা ছিঙা লোহাৰ ব্যৱসায়) বিগত কিছুদিন ধৰি সন্দেহজনক ভাবে ঘৰৰ চৌহদৰ ভিতৰত বৃহৎ সংখ্যক লোৰ ৰদ ৰাখি থয়। ৰদ সমুহৰ ওপৰত কলা পলিথিনৰ আৱৰণ দি আনৰ পৰা লুকুৱাব বিচাৰে। কিয়নো উক্ত লোৰ ৰদ প্ৰকৃততে উৰণীয়া সেঁতু, অথবা গধুৰ দলং নিৰ্মাণত ব্যৱহাৰ কৰা হয়।
ফলত একাংশ লোকৰ স্বাভাবিকতে সন্দেহৰ সৃষ্টি হয়। বিষয় সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে অৱগত হৈ উক্ত ৰদ সম্পৰ্কে সোধা পোছা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। দিলুৱাৰ হুছেইনে ঘৰৰ চৌহদত ৰখা বৃহৎ বৃহৎ ৰদ সমুহ ক্ৰয় কৰাৰ কোনো পৰ্যাপ্ত নথি পত্ৰ প্ৰদান কৰিব নোৱাৰাত যোৱা নিশা অধীক্ষক গৰাকীৰ নিৰ্দেশ মৰ্মে চাংসাৰি আৰক্ষীয়ে দিলুৱাৰ হুছেইনক আটক কৰি নিশা উক্ত ৰদ সমুহ জব্দ কৰে।
উল্লেখ্য যে আৰক্ষীয়ে উক্ত ৰদ সমুহ জব্দ কৰি আনিবৰ বাবে এখন বাৰ চকীয়া ট্ৰাকৰ লগতে কেইবাজনো শ্ৰমিকৰ প্ৰয়োজন হয়। ভঙা ছিঙা লোহাৰ বেপাৰ কৰা দিলুৱাৰে এই বৃহৎ সংখ্যক লোৰ ৰদ কৰ পৰা আৰু সংগ্ৰহ কৰিব পাৰে।
তাক লৈ বিভিন্ন মহলত প্ৰশ্নৰ উদ্ৰেক ঘটিছে। ইয়াৰ উপৰি গধুৰ কংক্ৰিতৰ দলং অথবা উৰনীয়া সেতুৰ পোষ্টত ব্যৱহাৰ হ'ব লগীয়া উক্ত লোৰ ৰদ কেনেকৈ দিলুৱাৰৰ হাতত পৰিল সেয়া আৰক্ষীৰ তদন্তৰ পিছত হে স্পষ্ট হ'ব। উল্লেখ্য যে কিছুদিন পুৰ্বে এখন ট্ৰেইলাৰ বাহন কাতি বিক্ৰী কৰিবলৈ লোৱা দিলুৱাৰৰ পৰা চাংসাৰি থানাৰ আৰক্ষীয়ে ট্ৰেইলাৰ বাহন এখন জব্দ কৰে।
আৰু পঢ়ক: বিবাহিতা মহিলাক প্ৰলোভন দি প্ৰেমৰ জালত আৱদ্ধ কৰি অপহৰণ, গ্ৰেপ্তাৰ ৰহিম আলি