অন্যপথ গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত চন্দ্ৰপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা …

অন্যপথ গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত চন্দ্ৰপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা …

author-image
asomiyapratidin
New Update
অন্যপথ গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত চন্দ্ৰপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা …

ডিজিটেল সংবাদ,উৰিয়ামঘাট : অন্যপথ গোষ্ঠীৰ উদ্যোগত ২১ মাৰ্চ তাৰিখে সৰুপথাৰৰ সাহিত্য সভাৰ ভৱনত নয়নমণি মেধিৰ সঞ্চালনাত " চন্দ্ৰপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা " অনুষ্ঠিত হয়। অন্যপথৰ সম্পাদক সুশান্ত কৃষ্ণ শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱাৰ পাছত সঞ্চালক মেধিয়ে অগ্ৰণী নাৰীবাদী নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত চমুকৈ আলোকপাত কৰে।

Advertisment

ইয়াৰ পাছতে " অসমত স্ত্ৰীশিক্ষাৰ জাগৰণ " শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰি বিশিষ্ট লেখিকা তথা শিক্ষাবিদ দীপামণি কোচ ভৰালীয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰখনতো লিংগ বৈষম্য অতীজৰে পৰা চলি আহিছে। অসমত বৈষ্ণৱ আন্দোলনৰ সময়ত মুষ্টিমেয় কেইগৰাকীমান নাৰীয়ে ধৰ্মীয় শিক্ষা লাভৰ সুযোগ কৰিছিল আধুনিক কালত খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাতহে আনুষ্ঠানিক স্ত্ৰীশিক্ষাৰ প্ৰচলন হয়।

ভাষণ প্ৰসংগত বক্তা গৰাকীয়ে স্ত্ৰীশিক্ষাৰ প্ৰধান অন্তৰায়সমূহৰ বিষয়েও উল্লেখ কৰে। তেওঁ লগতে আৰু কয় যে নাৰীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ উঠিলেহে বাস্তৱিকতে সমাজৰ প্ৰগতি হ'ব।অৱশ্যে কেৱল বিদ্যায়তনিক শিক্ষাৰ যোগেদিয়ে স্ত্ৰীজাতিৰ সৰ্বাংগীণ বিকাশ সম্ভৱ নহয়। স্ত্ৰীশিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত নাৰী আৰু পুৰুষ উভয়তে যৌথ প্ৰচেষ্টা লাগিব। অনুষ্ঠানত বুধিন ফুকন, মইনুল ইছলাম, নৱমী চুতীয়া,চাহাদ হক, স্বপ্নাশ্ৰী এচ মেধি, ভিতালী শইকীয়া, বৰ্ণালী গগৈ, বনিফাষ্ট গগৈ আদি ব্যক্তিসকলে অংশগ্ৰহণ কৰে।