চামগুৰিত এআইইউডিএফৰ সভাত দুই ফৈদৰ মাজত মাৰপিট…

চামগুৰিত এআইইউডিএফৰ সভাত দুই ফৈদৰ মাজত মাৰপিট…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লৰিমুখত এআইইউডিএফৰ কৰ্মী সভাত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। লৰিমুখ মাৰ্কাজ একাডেমীত অনুষ্ঠিত হোৱা এখন দলীয় সভাত এআইইউডিএফৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম আৰু মহিলা মৰ্চাৰ সভানেত্ৰী বিনা দৈমাৰীৰ সন্মুখতে এআইইউডিএফৰ দুই ফৈদৰ মাজত সংঘটিত হৈছিল এই প্ৰচণ্ড মাৰপিট।

কোনোবাই যদি ঘোচা মাৰিছে আন কোনোবাই আকৌ সভাৰ চকী লৈ মাৰিছে। উদণ্ড হৈ পৰিছে দুই ফৈদৰ দলীয় কৰ্মী। প্ৰচণ্ড মাৰপিটত আঘাতপ্ৰাপ্ত দুই দলীয় কৰ্মী মজিবুৰ ৰহমান আৰু মহিবুৰ ৰহমান। বহুদিনৰে পৰা এআইইউডিএফৰ দলীয় কৰ্মী দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছিল।

ততাতৈয়াকৈ আহত সকলক কাৱৈমাৰী এফআৰইউত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত বিৰোধী ফৈদৰ কেইবাজনো উদণ্ড দলীয় কৰ্মীৰ বিৰুদ্ধে কাৱৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in