/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/chamata-face-ed21caf9-0bcb-42cf-9b0d-80855830dd1f.jpg)
ডিজিটেল সংবাদ, চামতা: কোৰোণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউন ব্যৱস্থাৰ দূৰ্যোগপূৰ্ণ সময়তো কাকত বিতৰকসকলে অধিক কষ্টেৰে চাইকেল চলাই দূৰ-দূৰণিৰ নিয়মীয়া গ্ৰাহকসকলক ঘৰতে বাতৰি কাকত যোগান ধৰি আহিছে। ধৰ্মপুৰৰ বিধায়ক তথা পৰিবহন, উদ্যোগ-বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰত্যক্ষ তৎপৰতাত সোমবাৰে ২৪ নং মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অঞ্চলটোৰ একাংশ নিষ্ঠাবান কাকত বিতৰকৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।
২৪ নং মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি দিনেশ ঠাকুৰীয়া (হানিফ)আৰু পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সম্পাদক সুব্ৰত ভট্টাচাৰ্যৰ নেতৃত্বত সম্পন্ন হোৱা এই সামগ্ৰী বিতৰণ কাৰ্যসূচীত বৃহত্তৰ অঞ্চলটোৰ মুঠ ১৩ গৰাকী কাকত বিতৰকক চাউল, দাইল, মিঠাতেল, নিমখ আদিৰ টোপোলা প্ৰদান কৰা হয় ।
এই কাকত বিতৰক সকল ক্ৰমে- চামতাৰ মুকুল বৰ্মন, হেমন্ত বৰ্মন, কমল বৈশ্য, হৰিচৰণ কাকতি, বিপ্লৱ শৰ্মা, বেলশৰৰ নিৰঞ্জন বৈশ্য, নৱজিৎ বৰ্মন, ধ্ৰুৱ বৰ্মন, ককয়াৰ অনিল ডেকা, শিমলীয়াৰ ৰঞ্জিত দাস, গামাৰিমুৰীৰ দিবাকৰ বৰ্মন, কৈঠালকুছিৰ কুমুদ বৰ্মন আৰু বাটসৰৰ চাইদুল ইছলাম । সামাজিক দূৰত্ব বৰ্তাই ৰাখি সম্পন্ন কৰা এই কাৰ্যসূচীত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজেন বৈশ্য, কাৰ্যকৰী সভাপতি দ্বীপেন মেনা, সহকাৰী সম্পাদক জোন কুমাৰ হালৈ, সদস্য তপন কুমাৰ শৰ্মা আৰু ৰূপীয়াবাথানৰ গাওঁবুঢ়া অতুল ভূঞা উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us