সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সন্মুখত অসমত নথকাৰ হুংকাৰ অসম-মেঘালয় সীমান্তৰ গাওঁবাসীৰ…

সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সন্মুখত অসমত নথকাৰ হুংকাৰ অসম-মেঘালয় সীমান্তৰ গাওঁবাসীৰ…

author-image
asomiyapratidin
New Update
সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সন্মুখত অসমত নথকাৰ হুংকাৰ অসম-মেঘালয় সীমান্তৰ গাওঁবাসীৰ…

ডিজিটেল সংবাদ,ছমৰীয়া: অসম-মেঘালয়ৰ সীমান্তৱৰ্তী এলেকা সমূহত দীৰ্ঘদিন ধৰি অব্যাহত আছে তীব্ৰ উত্তেজনা। দেওবাৰেও বকোৰ মালাঙৰ জয়পুৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। দেওবাৰে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা বকোৰ জয়পুৰত উপস্থিত হোৱাৰ প্ৰাকক্ষণত মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাৰ মঞ্চৰ বেনাৰ-পোষ্টাৰ ভাঙি ছিঙি লণ্ড ভণ্ড কৰে মেঘালয়ৰ একাংশ সমৰ্থকে।

Advertisment

উল্লেখ্য যে, মেঘালয়ৰ সমৰ্থকে হাতে হাতে লাঠি লৈ খেদি পঠিয়াই সভালৈ অহা লোকক। লগে লগে ঘটনাস্থলিত দুয়ো ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, অসম-মেঘালয়ৰ সীমা সমস্যা লৈ চাৰিখন গাঁৱৰ ৰাইজৰ মাজত আহ্বান কৰা এই সভাখন জয়পুৰত অনুষ্ঠিত হৈছিল।

সভাত মন্ত্ৰী অতুল বৰা উপস্থিত হৈ গাওঁ অঞ্চলৰ বাসিন্দা আৰু মেঘালয়ৰ বিষয়াৰ লগত মত-বিনিময় কৰে। অসম মেঘালয় সীমান্তবৰ্তী চাৰিখন গাওঁ জয়পুৰ,আমা গাওঁ, মালাং শালবাৰী আৰু হোহুৱাপাৰাৰ অধিকাংশ লোকে মেঘালয়ত থকাৰ কথা কয়। উল্লেখ্য যে, অসম মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অতিশীৰ্ঘে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলি জনায়।উল্লেখ্য যে এচাম অসমৰ বাসিন্দাক একাংশ মেঘালয়ৰ সমৰ্থকে মেঘালয়ৰ সমৰ্থনত মাত মাতিবলৈ ভাবুকি প্ৰদান কৰা বুলি এক অভিযোগ উথ্বাপন কৰে বকোৰ স্থানীয় বিধায়িকা নন্দিতা দাসে।