/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/chaygaon-drugs-kaziranga-vehicle-newsface3-copy.jpg)
ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত জোৰশিমুলীৰ কালাতলী পথাৰত সোমবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়৷ জানিব পৰা মতে, ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত সাধাৰণ পোছাকত আৰক্ষীৰ দল এটাই সোমবাৰে বিয়লি জোৰশিমুলীৰ কালাতলী পথাৰত আকস্মিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বিক্ৰীৰ বাবে অনা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰী এটাক আটক কৰিবলৈ সমৰ্থ হয়৷
কালাতলী পথাৰৰ ধৃত ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হামজাৰ পৰা নিষিদ্ধ ড্ৰাগছ ভৰ্তি ১৯টা কণ্টেইনাৰত থকা ২৫.৯ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে, ধৃত ড্ৰাগছ সৰবৰাহকাৰী লোকজনক ছয়গাঁও আৰক্ষীৰ জিম্মালৈ নি জেৰা অব্যাহত ৰাখিছে৷