ডিজিটেল ডেস্ক: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিক-কৰ্মচাৰী সকলৰ তীব্ৰ প্ৰতিবাদ। শ্ৰমিক সকলে এন এইচ পি চিৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে।
প্ৰতিষ্ঠানটোৱে দীৰ্ঘ দিনে থলুৱাক বঞ্চণা কৰি অহাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে এইদৰে প্ৰতিবাদত সাব্যস্ত কৰে।শ্ৰমিক ৱৰ্কাছ ইউনিয়নৰ নেতৃত্বত আজিৰে পৰা ধাৰাবাহিক ভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মুখ্যদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী সকলে। অভিযোগ অনুসৰি দীৰ্ঘদিনৰে পৰা প্ৰকল্প নিৰ্মাণৰ কামত নিয়োজিত হৈ অহা প্ৰায় তিনি শতাধিক শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা হ'ব বুলি আভুৱা মাৰি আহিছে।
বিপৰীতে ৰহস্যজনক ভাৱে অৰুণাচলৰ শ্ৰমিক-কৰ্মচাৰীৰ চাকৰি সমূহ নিয়মীয়া কৰণ কৰি আহিছে নিৰ্মাণকাৰী সংস্থাটোৱে। যাৰ বাবে এইবাৰ আজি গজৰি উঠিল বৃহৎ নদী বান্ধত নিয়োজিত শ্ৰমিক-কৰ্মচাৰী সকল।
৭ এপ্ৰিলৰ পৰা ধাৰাবাহিক আন্দোলনত নামি পৰা শ্ৰমিক-কৰ্মচাৰী সকলে ২৫ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন প্ৰকল্প বন্ধৰ হুংকাৰ দিছে।
আৰু পঢ়ক: বনৰীয়া কাঠফুলা খাই অসুস্থ কেইবাজনো লোক…