/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor-1.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ বিধান সভাৰ দিন নিৰ্বাচন আয়োগে ঘোষণাৰ পিছতে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ ।বিধানসভা নিৰ্বাচন সন্দৰ্ভত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । খানাপাৰাত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভিন্ন ৰাজনৈতিক দল, সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে। প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত চোকা দৃষ্টি থাকিব নিৰ্বাচন আয়োগে। এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৩০ লাখ ৮০ হাজাৰ টকা ব্যয় কৰিব পাৰিব। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তিনিখন ৰেজিষ্টেৰ থাকিব লাগিব।
নিৰ্বাচনৰ আচৰণ বিধি তদাৰকৰ দায়িত্ব দিয়া হৈছে বিনোদ চেচানক। আনহাতে নিৰ্বাচনৰ প্ৰশিক্ষণৰ দায়িত্বত আছে দেৱ মিশ্ৰ।ইফালে নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে পৰ্যবেক্ষক। নিৰ্বাচনত প্ৰতিদন্দিতা কৰা প্ৰতিজন প্ৰাৰ্থীয়ে জমা দিব লাগিব নিৰ্বাচনী ব্যয়ৰ খতিয়ান।সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধেও ত্বৰান্বিত কৰা হ'ব নিৰীক্ষণ ব্যৱস্থা ।আয়কৰ বিভাগ, ডি আৰ আইকে ধৰি বিভিন্ন সংস্থাই নিৰীক্ষণ কৰিব নগদ ধনৰ অপব্যৱহাৰ। এই কথা জানিব দিয়ে নিৰ্বাচন আয়োগৰ চিইঅ' নীতিন খাড়ে ।
আনহাতে নিৰ্বাচনৰ আচৰণ বিধি তদাৰকৰ দায়িত্ব থকা বিনোদ চেচানে কয় যে প্ৰতিটো সমষ্টিতে তিনিটাকৈ ফ্লাইং স্কোৱাড থাকিব।সুৰা, নগদ ধনৰ বিৰুদ্ধে অভিযান চলাব ফ্লাইং স্কোৱাডে। আৰপি এক্টৰ ১২৭ নম্বৰ অনুসৰি প্ৰকাশ নকৰা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।হোৰ্ডিঙত প্ৰিণ্টাৰৰ নাম থকাটো বাধ্যতামূলক।
ইপিনে ভোট গ্ৰহন অনুষ্ঠিত হোৱাৰ ৪৮ ঘণ্টাৰ পূৰ্বে বন্ধ হ'ব প্ৰচাৰ অভিযান।প্ৰতিটো সমষ্টিতে থাকিব ষ্টেটিক চাৰ্ভিলেচন টীম।সৰ্বাধিক ৩০,৮০ লাখ টকা ব্যয কৰিব পাৰিব প্ৰতি জন প্ৰাৰ্থীয়ে।প্ৰতিজন প্ৰাৰ্থীয়ে তিনিটা ৰেজিষ্টাৰ মানি চলিব লাগিব । ইফালে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত প্ৰাৰ্থীসহ ৫ জন লোক যাব পাৰিব। সম্প্ৰতি কোভিড-১৯ৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে । চচিয়েল মেডিয়াটো নজৰ ৰাখিছে নিৰ্বাচন আয়োগে।