উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱঃ নাৰায়ণপুৰত তীব্ৰ প্ৰতিবাদ জনতাৰ…

উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱঃ নাৰায়ণপুৰত তীব্ৰ প্ৰতিবাদ জনতাৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মঙলবাৰে পুৱাৰে পৰাই আছু আৰু নেছ'ই আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ প্ৰভাৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো সৰ্বাত্মক ৰূপত পৰিলক্ষিত হয়। পুৱাই স্থানীয় ৰাইজৰ সহযোগত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ কৰ্মীয়ে নাৰায়ণপুৰ নগৰৰ সমান্তৰালকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৰাইদলনী, জৰাবাৰী চাৰিআলি, বৰপথাৰ তিনি আলি, ভোগপুৰ, ব্লক তিনিআলি, কলেজ পাৰ পানবাৰী আদি অঞ্চলত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কেব আমি নামানো, বিজেপি গ'বেক, নৰেন্দ্ৰ মোডী হুচীয়াৰ, সৰ্বানন্দ সোনোৱাল-হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই ধ্বনিৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। ইয়াৰ পিছতে একাংশ প্ৰতিবাদকাৰীয়ে বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাৰ বাসগৃহৰ সমুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আছু-এ জে ৱাই চি পিৰ শতাধিক কৰ্মীয়ে বিধায়ক গৰাকীৰ ঘৰৰ সমুখত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। দেবানন্দ হাজৰিকা মুৰ্দাবাদ, দেবানন্দ হাজৰিকা মিছলীয়া, দেবানন্দ হাজৰিকাৰ কাম নাই, দেবানন্দ হাজৰিকা পলৰীয়া আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে। আনহাতে দুপৰীয়াৰ ভাগত নাৰায়ণপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নাৰায়ণপুৰ পৌৰসভাৰ কাৰ্যালয়ত সৃষ্টি হয় এই পৰিস্থিতি। কাৰ্যালয়টো খোলা ৰখাক কেন্দ্ৰ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে আছু-এ জে ৱাই চি পি, বীৰ লাচিত সেনা লগতে প্ৰতিবাদকাৰী সকলে।

স্থানীয় ৰাজহচক্ৰ বিষয়া-আৰক্ষীয়ে তীব্র বাধা প্ৰদান কৰাৰ পিছতে প্ৰতিবাদকাৰী সকল তৰ্কা-তৰ্কিত লিপ্ত হয়। পৰৱৰ্তী সময়ত কাৰ্যালয়টো প্ৰশাসনে বন্ধ কৰি দিবলৈ বাধ্য হয়। ইফালে নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শ শ প্ৰতিবাদকাৰীয়ে উলিয়ায় বৃহৎ বাইক ৰেলী। চৌদিশে কেৱল জয় আই অসম ধ্বনি। বিজেপি গ'বেক, আৰ এছ এছ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। সৰ্বানন্দ সোনোৱাল- হিমন্ত বিশ্ব শৰ্মাই মেখেলা পিন্ধক শ্লোগান দিয়ে প্ৰতিবাদকাৰীয়ে।

আনহাতে দুপৰীয়া ভাগত ৰাজপথলৈ ওলাই আহিল খেৰাজখাতস্থিত লখিমপুৰ পলিটেকনিকৰ শ শ ছাত্ৰ-ছাত্ৰী। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰপথাৰ তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে। জয় আই অসম ধ্বনিৰ লগতে কেব আমি নামানো শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীকাৰী ছাত্ৰ-ছাত্ৰী সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in