কা বাতিলৰ দাবীত ক’হিমাৰ ৰাজভৱনৰ সন্মুখত সহস্ৰাধিক শিক্ষাৰ্থীৰ প্ৰতিবাদ

কা বাতিলৰ দাবীত ক’হিমাৰ ৰাজভৱনৰ সন্মুখত সহস্ৰাধিক শিক্ষাৰ্থীৰ প্ৰতিবাদ

author-image
asomiyapratidin
New Update
কা বাতিলৰ দাবীত ক’হিমাৰ ৰাজভৱনৰ সন্মুখত সহস্ৰাধিক শিক্ষাৰ্থীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ৱাখাঃ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিলৰ দাবীত বুধবাৰে নাগালেণ্ড বিশ্ববিদ্যালয় আৰু সকলো কলেজৰ শিক্ষাৰ্থীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অল নাগা কলেজ ষ্টুডেন্ট এছ'চিয়েচনে আহবান জনোৱা শ্ৰেণী বৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাজাৰ হাজাৰ ছাত্র ছাত্ৰীয়ে কা বাতিলৰ দাবী জনায়।

Advertisment

বুধবাৰে পুৱা ঐতিহ্যমণ্ডিত জাখামাৰ চেইণ্ট যোছেফ কলেজৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে হাতে হাতে প্লেকাৰ্ড লৈ ৰাজ্যপালৰ ৰাজভৱনৰ সন্মুখলৈ সমদল কৰি যায়। তাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে একত্ৰিত হৈ কা বাতিল কৰক শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত জাখামা কলেজৰ ছাত্ৰনেতা ছুতমিবা এছ ছাংটামে বিজেপি চৰকাৰে দেশৰ সংবিধান ভংগ কৰিব খুজিলে আমিও চৰকাৰক ভাঙি দিম বুলি সকীয়াই দিয়ে।

অৱশ্যে ছাত্র ছাত্ৰীসকলৰ বৃহৎ সমাবেশে আইন শৃংখলা প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ শংকা কৰি আৰক্ষীয়ে ততাতৈয়াকৈ এই প্ৰতিবাদ বন্ধ কৰি দিয়ে।