/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/caa.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে উচ্চতম ন্যায়ালয়ত সংশোধিত নাগৰিকত্ব আইনক লৈ শুনানি গ্ৰহণ কৰাৰ সময়তে আইনখনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো পুৱাৰে পৰা সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ। বুধবাৰে পুৱাৰে পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে অনশন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে CAA ৰ বিৰুদ্ধে কামপুৰতো শিক্ষাৰ্থীসকলে ৰূপায়ন কৰিছে গণ সত্যাগ্ৰহ প্ৰতিবাদী কাৰ্যসূচী ।
কামপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদেও অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত ।
CAAবাতিলৰ দাবীত প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন শ্লগান দিয়ে । ছাত্ৰ-ছাত্ৰী সকলে এক প্ৰতিবাদী সমদল কৰি কামপুৰ ৰাজহচক্ৰৰ বিষয়াক CAA বাতিলৰ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us