বৰ্ণিহাটত বৃহৎ পৰিমানৰ জিলেটিন ষ্টিক আৰু ডেট’নেটৰ জব্দ, কামৰূপৰ নগৰবেৰাৰ চোৰাং সৰবৰাহকাৰী আটক…

বৰ্ণিহাটত বৃহৎ পৰিমানৰ জিলেটিন ষ্টিক আৰু ডেট’নেটৰ জব্দ, কামৰূপৰ নগৰবেৰাৰ চোৰাং সৰবৰাহকাৰী আটক…

author-image
asomiyapratidin
New Update
বৰ্ণিহাটত বৃহৎ পৰিমানৰ জিলেটিন ষ্টিক আৰু ডেট’নেটৰ জব্দ, কামৰূপৰ নগৰবেৰাৰ চোৰাং সৰবৰাহকাৰী আটক…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বৰ্ণিহাটত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ বোমা প্ৰস্তুত কৰা সামগ্ৰী। ৪০২৭টা জিলেটিন ষ্টিক আৰু ২০৪৪টা ইলেক্ট্ৰিক ডেট'নেটৰ জব্দ কৰে আৰক্ষীয়ে। ৰি-ভই আৰক্ষীয়ে সদৰি কৰা মতে, জয়ন্তীয়া পাহাৰৰ খলিহৰিয়াটৰ পৰা সামগ্ৰীখিনি কঢ়িয়াই অনা বুলি এক সূত্ৰই খবৰ দিয়ে আৰক্ষীক। তাৰপাছতেই গুৱাহাটী অভিমুখে আগবাঢ়ি যোৱাৰ সময়ত বৰ্ণিহাট আৰক্ষী চকীৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকা আৰক্ষীয়ে বাহনখন ৰখোৱা হৈছিল।

Advertisment

দিনৰ প্ৰায় ১.১০ বজাত বৰ্ণিহাটত আৰক্ষীয়ে গাড়ীখনত তালাচী চলাওঁতে উদ্ধাৰ কৰে এইখিনি সামগ্ৰী। আৰক্ষীয়ে ইতিমধ্যে জনাইছে যে, এই সামগ্ৰীখিনি কঢ়িয়াই অনা বাহনখনৰ চালকজনক ইতিমধ্যে আটক কৰা হৈছে। আৰু ব্যক্তিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জানিব পৰা মতে, আটক কৰা লোকজন কামৰূপ গ্ৰাম্যৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙ্গেশ্বৰী গাঁৱৰ মইনুল হক। বিশেষ সূত্ৰৰ খবৰ মতে, মইনুল হক ড্ৰাগছ সৰবৰাহৰেও জড়িত।