/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/40277a1b-0b51-45b5-b2ca-166ae1886b71/mathurapur.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ এটা ইটাৰ ভাটাত শ্ৰমিক হিচাপে কাম কৰিবলৈ অহা এগৰাকী মহিলাক অশ্লীল শব্দ প্ৰয়োগ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে নিৰ্যাতন চলোৱাৰ অভিযোগত মথুৰাপুৰ মাজগাঁওত এগৰাকী ব্যৱসায়ীক আৰক্ষীয়ে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ অভিযোগ অনুসৰি মাজগাঁও নিবাসী ৰেকিব আহমেদে বিশ্বনাথ চাৰি আলিৰ পৰা একাংশ লোকক ইটাৰ ভাটাত কাম কৰাবলৈ আনে ৷ কিন্তু ব্যৱসায়ী আহমেদে শ্ৰমিক আইন উলংঘা কৰি প্ৰতি দিনে শ্ৰমিক সকলক অত্যাচাৰ কৰিবলৈ লয় ৷
মালিকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি শ্ৰমিক সকলে পলাবলৈ চেষ্টা কৰে যদিও আহমেদে গুণ্ডাবাহিনীৰ হতুৱাই শ্ৰমিক সকলক এটা কোঠাত আবদ্ধ কৰি নানা অত্যাচাৰ চলায় ৷ ইয়াৰ মাজতেই এগৰাকী মহিলাক আহমেদে শাৰীৰিক আঘাট কৰা আৰু শালীনতা হান কৰাৰ অভিযোগ উত্থাপন কৰি মহিলা গৰাকীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰে। ইয়াৰ পিচতেই আৰক্ষীয়ে ৰেকিব আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে ৷