ডেকা সত্ৰীয়া-সমাজ সংগঠক বুধিন মহন্তৰ মৃত্যুত শোক প্ৰকাশ জিলা সত্ৰ মহাসভাৰ…

ডেকা সত্ৰীয়া-সমাজ সংগঠক বুধিন মহন্তৰ মৃত্যুত শোক প্ৰকাশ জিলা সত্ৰ মহাসভাৰ…

author-image
asomiyapratidin
New Update
ডেকা সত্ৰীয়া-সমাজ সংগঠক বুধিন মহন্তৰ মৃত্যুত শোক প্ৰকাশ জিলা সত্ৰ মহাসভাৰ…

ডিজিটেল সংবাদ, বেবেজীয়া: অসম সত্ৰ মহাসভাৰ অন্তৰ্গত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰতিস্থাপক সম্পাদক তথা এফলিয়া বড়িৰ শ্ৰীশ্ৰী কোটোহা চৰিপোতা সত্ৰৰ ডেকা সত্ৰীয়া বুধিন মহন্তৰ (৭০) ৰ আজি পূৱা তেখেতৰ নিজা বাসগৃহত মৃত্যু হয়। জানিব পৰা মতে তেখেত সোমবাৰে কিছুদিন ধৰি মধুমেহ , কিডনি আদি  ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন বেছৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰি শেষত নিজ বাসগৃহত চিকিৎসা গ্ৰহণ কৰি আহিছিল যদিও আজি তেখেতে মৃত্যুক সাৱটি লয় ।

Advertisment

ডেকা সত্ৰীয়া, প্ৰাক্তন সম্পাদক গৰাকীৰ মৃত্যুৰ খবৰ বৃহত্তৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে তেখেতৰ বাসগৃহত অগনন গুনমুগ্ধৰ উপস্থিতিৰ লগতে পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰতিনিধিও উপস্থিত হৈ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনায় ।

তেখেতৰ মৃত্যুত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি তথা ডেকা সত্ৰীয়া থগিত মহন্ত , উপ- সভাপতি কুশ বৰদলৈ , প্ৰমথেশ দেৱ গোস্বামী, অৰূপ কুমাৰ গোস্বামী , সুৰেশ মহন্ত , সম্পাদক মাণিক বৰাৰ লগতে মধ্য আন্চলিক সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰাধিকাৰ লাৰুধন গোস্বামী সম্পাদক মনোজ কুমাৰ মহন্তৰ লগতে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা সত্ৰাধিকাৰ দ্বয় দুগ্ধদেৱ গোস্বামী, পৰমানন্দ দেৱ গোস্বামী , উপদেষ্টা হেমচন্দ্ৰ তামুলী আৰু দিবাকৰ মহন্তই শোকপ্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি জিলা সত্ৰ মহাসভাই এক শোক প্ৰস্তাৱ প্ৰেৰণ কৰে । মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু পৰিয়াল বৰ্গক ইহঃসংসাৰত এৰি থৈ যায় ।