বিটিচিৰ শীতকালীন অধিৱেশন সম্পন্ন, আধৰুৱা কামৰ খতিয়ান ল’বলৈ সমিতি গঠন

বিটিচিৰ শীতকালীন অধিৱেশন সম্পন্ন, আধৰুৱা কামৰ খতিয়ান ল’বলৈ সমিতি গঠন

author-image
asomiyapratidin
New Update
বিটিচিৰ এদিনীয়া গ্ৰীষ্মকালীন অধিৱেশন সম্পন্ন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ বডোফা নগৰৰ বিটিচি পৰিষদীয় ভৱনত আজি বিটিচিৰ এদিনীয়া শীতকালীন অধিৱেশন সম্পন্ন হয়। ৰাতিপুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা বিটিচিৰ শীতকালিন অধিৱেশনত পৰিষদৰ সমূহ সদস্য উপস্থিত থাকে। এঘন্টাজুৰি অনুষ্ঠিত হোৱা সদনৰ প্ৰশ্নোত্তৰ কালছোৱাত পৰিষদীয় সদস্যসকলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে।

দতমা পৰিষদীয় সমষ্টিৰ সদস্য জ্যোতিৰেন্দ্ৰ ব্ৰহ্মই যোৱা ২০১৩-১৪ বিত্তীয় বৰ্ষৰ গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মীয়মান দতমাৰ কাৰ্বজা পকী দলংখন আজিলৈকে কিয় সম্পূৰ্ণ নহ'ল বুলি প্ৰশ্ন উত্থাপন কৰাত বিটিচিৰ গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে ২০১৩ চনৰ পৰা ২০১৫ চনলৈকে পি ডব্লিউ ডি, পি এন আৰ ডি আৰু চি ডি বিভাগৰ অধীনত বিটিএডিত বহু উন্নয়নমুলক কামকাজ ধৰা হৈছিল যদিও কিছু কাম আধাৰুৱা হৈ আছে। আধৰুৱা হৈ থকা কাম-কাজৰ প্ৰকৃত খতিয়ান ল'বলৈ ইতিমধ্যে এক পৰীক্ষণ সমিতি গঠন কৰা হৈছে আৰু উক্ত পৰীক্ষণ সমিতিক আধাৰুৱা কামকাজ পৰ্যবেক্ষণ কৰি ৰিপৰ্ট দাখিল কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

ইপিনে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অব্যাহত থকাৰ সময়তে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত বিপিএফ দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৬০ শতাংশ প্ৰাৰ্থীয়ে বিজয়ী হব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে।