বি এছ এন এলৰ টাৱাৰত কৰ্মৰত নৈশ চকীদাৰক আক্ৰমণ

বি এছ এন এলৰ টাৱাৰত কৰ্মৰত নৈশ চকীদাৰক আক্ৰমণ

author-image
asomiyapratidin
New Update
বি এছ এন এলৰ টাৱাৰত কৰ্মৰত নৈশ চকীদাৰক আক্ৰমণ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ মেছেলখোৱা-নাবাঙত বি এছ এন এল টাৱাৰৰ নৈশ চকীদাৰক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Advertisment

জানিব পৰা মতে, বিএছএন এল মোবাইল টাৱাৰত দীৰ্ঘদিন ধৰি মেছেলখোৱা গাৱৰে ৰাধিকা ৰাভা নামৰ বৃদ্ধ লোকজনে নৈশ চকীদাৰ হিচাপে নিযোজিত হৈ আছিল৷ কিন্তু মাজনিশা ১ মান বজাত শুবলৈ লওতে হঠাৎ চাৰি পাচজনীয়া এটি দুৰ্বৃত্তৰ দলে ৰাধিকা নামৰ চকীদাৰজনক আক্ৰমণ চলায় চোকা অস্ত্ৰৰে৷ লগে লগে লোকজনে চিঞৰ বাখৰ কৰাত স্থানীয় লোকসকল অহাৰ পূৰ্বে দুৰ্বৃত্তৰ দলটিৰ লোকসকল দৌৰি পলাবলৈ সক্ষম হয়৷