Published on :
Updated on :
- মৰিগাঁৱত উপায়ুক্ত কাৰ্যালয়ত উৎকোচ লৈ ধৰা পৰা কৰ্মচাৰীক নিলম্বন।
- পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীক বাঁকীজাইৰ ক্লিয়েৰন্স প্ৰমাণ পত্ৰ দিছিল কৰ্মচাৰীজনে।
- ইয়াৰ বিনিময়ত লৈছিল উৎকোচ।
- সেই উৎকোচ লোৱা ভিডিঅ' পোহৰলৈ আনিছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে।
- যোগাযোগ কৰিছিল মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাৰ সৈতে।
- উপায়ুক্তগৰাকীক সোধা হৈছিল কি ব্যৱস্থা গ্ৰহণ কৰিব কৰ্মচাৰীজনৰ বিৰুদ্ধে।
- 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক উপায়ুক্ত বৰাই জনালে নিলম্বন কৰা হৈছে কৰ্মচাৰীজনক।
- এগৰাকী অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
- অতিৰিক্ত উপায়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই আৰম্ভ কৰিছে এই উৎকোচৰ ঘটনাৰ তদন্ত।
- 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে কথা পাতিছিল অতিৰিক্ত উপায়ুক্ত লক্ষ্মীনন্দন চহৰীয়াৰ সৈতে।
- ইতিমধ্যে কৰ্মচাৰীজনক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে বুলি জানিবলৈ দিছে তেওঁ।
- এই ঘটনাৰ তদন্ত কৰি আছে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে।
- অৱশ্যে এতিয়ালৈকে ৰুজু হোৱা নাই কোনো গোচৰ।
- ঘোচখোৰ কৰ্মচাৰীজনৰ নাম আছিল মকিবুৰ ৰহমান।
Asomiya Pratidin
www.asomiyapratidin.in