/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8fa3e752-6520-4054-a46c-0654c7f77435/frtv.jpg)
বোকাখাত আৰু কাৰ্বি আংলং সীমান্তৰ কাকচাং কাইফলাংচ জলপ্ৰপাতত পুনৰ অঘটন ৷
সমনীয়াৰ সৈতে জলপ্ৰপাতটোত গা ধুই থকা অৱস্থাত এজন কিশোৰ সন্ধানহীন ৷
বৃহস্পতিবাৰে সংঘটিত এই ঘটনা।
সন্ধানহীন কিশোৰজন বোকাখাত আমটেঙা আদৰ্শ মিচিং গাঁৱৰ কৃষ্ণ দলেৰ পুত্ৰ পিংকল দলে (১৫)বুলি জানিব পৰা গৈছে ৷
দশম শ্ৰেণীত অধ্যয়নৰত আছিল সন্ধানহীন পিংকল দলে ৷
এতিয়ালৈকে সন্ধান নাই যুৱকজনৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us