মাকুমত প্ৰেমিকাক হত্যা কৰি আত্মহত্যাৰ চেষ্টা প্ৰেমিকৰ

মাকুমত প্ৰেমিকাক হত্যা কৰি আত্মহত্যাৰ চেষ্টা প্ৰেমিকৰ

author-image
asomiyapratidin
New Update
মাকুমত প্ৰেমিকাক হত্যা কৰি আত্মহত্যাৰ চেষ্টা প্ৰেমিকৰ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সোমবাৰে পুৱাই তিনিচুকীয়াৰ মাকুমত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মাকুমৰ কুমাৰপত্তি অঞ্চলৰ বজেন ভট্টাচাৰ্য নামৰ এজন ব্যক্তিৰ ঘৰত বনকৰা যুৱতী ছোনিয়া ঘাটোৱাৰক মাকুমৰে বিকি তাঁতী নামৰ এজন যুৱকে চুৰিৰে ডিঙি ৰেপি হত্যা কৰি নিজেও ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলায়।

Advertisment

স্থানীয় লোকে দুয়োকে তেজেৰে তুমুৰলি হৈ পৰি থকা দেখি আৰক্ষীক খবৰ দি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও যুৱতী গৰাকীৰ মৃত্যু হয় আৰু যুৱক জনক সংকতজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।

প্ৰেমজনিত কাৰণতে বিকি তাঁতী নামৰ যুৱকজনে ছোনিয়া ঘাটোৱাৰক হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।