/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/015b4164-5097-4b8f-8f7c-80bd50913d92.jpg)
ডিজিটেল ডেস্কঃ অসমৰ ৰাইজৰ এখন চিনাকি মুখ। এইবাৰ পঞ্চায়ত নিৰ্বাচনত অভিনয় এৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ। 'বৰলা কাই' নামৰ জনপ্ৰিয় ধাৰাবাহিকখনত ভোলাৰ মাকৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীৰ নাম দেৱযানী গায়ন। বিজেপিৰ হৈ সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ অন্তত শেষ হাঁহি মাৰিলে ভোলাৰ মাকে। আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে নিৰ্বাচিত হৈছে তেওঁ। উল্লেখযোগ্য যে, সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰূপে বিজেপিৰে গীতা শইকীয়া আৰু গাঁও পঞ্চায়তৰ সদস্যৰূপে ভুদেৱ শইকীয়াই জয়লাভ কৰিছে।