বৰ্ণিহাটৰ চোৰাং ঘাটিত মহানগৰ আৰক্ষীৰ আকস্মিক অভিযানঃ কাঠভৰ্তি বিশাল ট্ৰাক জব্দ, চালক-পৰিচালকক গ্ৰেপ্তাৰ…

বৰ্ণিহাটৰ চোৰাং ঘাটিত মহানগৰ আৰক্ষীৰ আকস্মিক অভিযানঃ কাঠভৰ্তি বিশাল ট্ৰাক জব্দ, চালক-পৰিচালকক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
বৰ্ণিহাটৰ চোৰাং ঘাটিত মহানগৰ আৰক্ষীৰ আকস্মিক অভিযানঃ কাঠভৰ্তি বিশাল ট্ৰাক জব্দ, চালক-পৰিচালকক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ বৰ্ণিহাটত ঘাটি পাতি শাল, পাইন, চেগুন কাঠৰ বৃহৎ চোৰাং বেহা সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ বৃহস্পতিবাৰৰ সংখ্যাত প্ৰকাশিত বাতৰিৰ পাছতেই হাহাকাৰ লাগে বন বিভাগত। কিয়নো ধাৰাবাহিকভাৱে বনাঞ্চল ধ্বংস কৰি চোৰাং কাৰবাৰীৰে চলাই থকা শিল, বালি,কয়লা, কাঠৰ চোৰাং ব্যৱসায় সন্দৰ্ভত সংবাদমাধ্যমৰ বাতৰিৰ পাছতো ইয়াক প্ৰতিহত কৰাত ব্যৰ্থ হোৱা বন বিভাগৰ বিৰুদ্ধে আজি খৰ্গহস্ত হৈ উঠে স্বয়ং মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীয়ে আনকি বৰ্ণিহাটত চোৰাং বেহাৰ ঘাটি পাতি অবাধে চলি থকা কাঠৰ চোৰাং চালান সন্দৰ্ভত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আয়ুক্তকো নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে তৎপৰ হৈ পৰে আৰক্ষী। এগৰাকী সহকাৰী আৰক্ষী আয়ুক্তৰ নিৰ্দেশমৰ্মে অসমীয়া প্ৰতিদিনত প্ৰকাশিত অসম-মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটত থকা চোৰাং কাঠৰ ঘাটিত দুপৰীয়া হঠাতে উপস্থিত হয়গৈ উপ-আৰক্ষী আয়ুক্তৰ নেতৃত্বাধীন দলটো।

সেই সময়তো বৰ্ণিহাটস্থিত এ এছ টিম্বাৰ নামৰ কাঠৰ গুডামত চোৰাং কাঠ বুজাই কৰি আছিল এদল লোকে। ১৮ চকীয়া বিশাল ট্ৰাকখনত জব্দ কৰা ২০ লক্ষাধিক টকা মূল্যৰ পাইন কাঠৰ সৰবৰাহৰ বাবে তেওঁলোকৰ হাতত নাছিল কোনো নথিপত্ৰ। আৰক্ষীয়ে লগে লগে এম এল ০৬ ৯৫১৬ নম্বৰৰ ট্ৰাকখন জব্দ কৰে । আৰক্ষীক দেখি একাংশ লোকে পলায়ন কৰে যদিও ট্ৰাকখনৰ চালক ৱাংছকেচ নংবিৰি আৰু কাঠৰ চালানকাৰীৰ এজেন্ট মহেশ নাথ নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছতে আৰক্ষীৰ দলটোৱে দুজন আটকাধীন ব্যক্তিসহ ট্ৰাকখন বশিষ্ঠ থানালৈ আনে আৰু ৭৭১/২০২০ আণ্ডাৰ চেকশ্যন ৪৬৮/৪৭১/৪২০ আইপিচি আৰ/ডব্লিউ ৪০ (অসম বন সুৰক্ষা আইন) এই সন্দৰ্ভত অসম আৰক্ষীয়ে প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে যে, চোৰাং কাঠৰ এই অবৈধ বেহা আৰু সৰবৰাহৰ সৈতে জড়িত লোকসকলৰ সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে।

বন বিভাগৰ সৈতে মিতিৰালি কৰি বন বিভাগৰ পৃষ্ঠপোষকতাত বৰ্ণিহাটৰপৰা এই কাঠৰ চিণ্ডিকেট যোৱা দুবছৰ ধৰি পৰিচালিত হৈ আহিছে যদিও, বন বিভাগে ইমান দিনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আনকি যোৰাবাটত এটা বন চকী থকা সত্বেও বিনা দিধাই দিনৰ ভাগতে চোৰাং কাঠৰ সৰবৰাহকাৰীৰ চক্ৰই অবাধে বিশাল বিশাল ট্ৰাকৰ জৰিয়তে গুৱাহাটীকে ধৰি অন্যান্য স্থানলৈ কাঠৰ সৰবৰাহ অব্যাহত ৰাখিছিল।

অভিযোগমতে, বন বিভাগৰ পূব বন সংমণ্ডল বিষয়া ৰাজীৱ বৰুৱাৰ পৃষ্ঠপোষকতাতে দিছপুৰৰেও সম্পৰ্ক ৰখা একাংশ লোকে নিম্ন পৰ্যায়ৰ বন আৰু আৰক্ষীৰ তালাচী চকীত বিভিন্ন প্ৰকাৰে মেনেজ কৰি অব্যাহত ৰাখিছিল কোটি কোটি টকাৰ কাঠৰ চোৰাং সৰবৰাহ।

কেইবা বছৰ ধৰি চলি থকা এই বেহা সন্দৰ্ভত বন মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত আজিৰ অসমীয়া প্ৰতিদিনত প্ৰকাশ পোৱা বিস্তাৰিত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ বাধ্য হয়। যাৰ পৰিণতিতে বৃহস্পতিবাৰে উক্ত ট্ৰাকখন জব্দ কৰা হয় যদিও, সেই সময়তো সম্পূৰ্ণ ল'ড কৰা বহু কেইখন কাঠৰ ট্ৰাক জব্দ কৰাৰ পৰা তেওঁলোক বিৰত থাকে।

এই সন্দৰ্ভত আৰক্ষীৰ এক সূত্ৰই কয় যে, অঞ্চলটো যিহেতু অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল সেয়ে যোৰাবাটৰ উৰণীয়া সেতু পাৰ নোহোৱা পৰ্যন্ত সাধাৰণতে অসমৰ আৰক্ষীয়ে কাঠ পৰিবাহী ট্ৰাকৰ খবৰ পালেও সেয়া জব্দ কৰাৰ ক্ষেত্ৰত কিছু কাৰিকৰী অসুবিধাৰ সন্মুখীন হয়।

ইফালে, এ এছ টিম্বাৰ্ছৰ পৰা ট্ৰাকখন জব্দ কৰিলেও চোৰাং কাঠৰ বৃহৎ ঘাটি হৈ পৰা এই অবৈধ কাঠ ফলা কল আৰু গুডামত জমা হৈ থকা বৃহৎ পৰিমানৰ কাঠ অথবা ইয়াৰ মালিকৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই।