মুকবধিৰ যুৱক গৌতম লিম্বুৰ সন্ধান উলিওৱাত ব্যৰ্থ বৰহোলা আৰক্ষীঃ থানা ঘেৰাও কৰি প্ৰতিবাদ ৰাইজৰ

মুকবধিৰ যুৱক গৌতম লিম্বুৰ সন্ধান উলিওৱাত ব্যৰ্থ বৰহোলা আৰক্ষীঃ থানা ঘেৰাও কৰি প্ৰতিবাদ ৰাইজৰ

ডিজিটেল সংবাদ, বেকাজানঃ বৰহোলা আৰক্ষীৰ চূড়ান্ত হেমাহিৰ বাবে আৰক্ষীৰ জিম্মাৰ পৰা ২১ জুলাইতে সন্ধানহীন হোৱা গৌতম লিম্বু (৩০) নামৰ মুকবধিৰ যুৱকজনৰ বিগত এমাহেও আৰক্ষীয়ে সন্ধান উলিয়াই দিব নোৱাৰাত মঙলবাৰে শতাধিক ৰাইজে তিতাবৰ মহকুমাৰ বৰহোলা আৰক্ষী থানা ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে। বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বতত যুৱকজনক বিচাৰি অহা প্ৰায় শতাধিক ৰাইজে থানাৰ সন্মুখত হাতে হাতে বেনাৰ, প্লকাৰ্ড লৈ "বৰহোলা আৰক্ষী হায় হায়, গৌতম লিম্বুক উলিয়াই দিয়ক, বৰহোলা থানাৰ এছ আই ফিৰদুছ আহমেদ মুৰ্দাবাদ, অপৰাধীক সুৰক্ষা দিয়া বন্ধ কৰক, বৰহোলা আৰক্ষী গ' বেক" আদি শ্লোগান দি থানাৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, পূৰ্বৰ পৰা সষ্টম হৈ থকা বৰহোলা আৰক্ষীয়ে বিশাল জোৱান লৈ থানাৰ গেট বন্ধ কৰি প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল যদিও পৰিয়ালবৰ্গই থানাৰ গেটৰ কাষতে পৰি কেইবাঘণ্টা ধৰি শুকশুকাই কান্দি উঠিছিল। ফলত প্ৰতিবাদস্থলীত এক কৰুণ পৰিবেশ সৃষ্টি হয়। ৰাইজৰ উত্তাল পৰিবেশ খবৰ লাভ কৰি ঘটনাস্থলীত মহকুমা দণ্ডাধীশ ৰাজু বৰাসহ পুলিবৰ আৰক্ষী থানাৰ চি আই মাণিক গোস্বামী উপস্থিত হৈ ৰাইজক কিছু আশ্বাস দি পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা চলাইছিল যদিও প্ৰতিবাদকাৰীসকল তেওঁলোকৰ আভুৱা ভৰা কথাত প্ৰতিয়ন নগৈ অধিক ক্ষুব্ধ হৈ পৰাহে পৰিলক্ষিত হ'ল।

পিছত প্ৰতিবাদকাৰীসকলে থানাৰ চৌহদতে বহি সন্ধিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰাখে। ইতিমধ্যে এই ঘটনাক লৈ ৯৭/১৯ নম্বৰত এটা গোচৰ ৰুজু হৈছে । কিন্তু গোচৰটোত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত অতি লেহেমীয়া আৰু গা এৰা মনোভাৱেৰে হোৱাৰ বাবে ৰাইজ একেবাৰে আশ্বস্ত হ'ব পৰা নাই বুলি অভিযোগ তুলিছে। উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ ৱাটিঙৰ যুৱক এই গৌতম লিম্বু ২০ জুলাইতে ঘৰৰ পৰা হেৰুৱাৰ পিছত বৰহোলাৰ বছা গাওঁবাসী ৰাইজে পাই বৰহোলা আৰক্ষীক গতাই দিছিল। কিন্তু পিছদিনা বৰহোলা থানাৰ পৰা যুৱকজন ৰহস্যজনক ভাবে পুনৰ সন্ধানহীন হৈ পৰাত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়।

আৰক্ষী দায়িত্বজ্ঞানহীনতাৰ বাবেই অথবা জানি বুজিয়েই ক'ৰবাত থৈ আহিব পাৰে বুলি আৰক্ষীলৈ সন্দেহৰ আঙুলি টোৱাইছে পৰিয়ালবৰ্গই। এসপ্তাহৰ পূৰ্বে তিতাবৰ মহকুমা প্ৰশাসনে যুৱকজনৰ সন্ধান উলিয়াবলৈ এটা সপ্তাহৰ সময় বিচাৰিছিল। ইয়াৰ পিছতো বৰহোলা আৰু তিতাবৰ মহকুমা আৰক্ষীৰ পৰা কোনো ধৰণৰ যোগাত্মক ফলাফল নোপোৱাত বৰহোলা আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে অধিক ক্ষুব্ধ হৈ পৰিছে এনেদৰে ক্ষুব্ধ হৈ পৰে প্ৰতিবাদী ৰাইজ ।

উল্লেখযোগ্য যে, মঙলবাৰে এপ্তাহৰ পূৰ্বে গৌতম লিম্বুৰ পৰিয়ালৰ সদস্যই গৌতমৰ সন্ধানত বৰহোলা থানা ঘেৰাও কৰি উত্তাল কৰি তুলিছিল। কিন্তু তেতিয়া তিতাবৰ মহকুমাৰ দণ্ডাধিশ ৰাজা বৈশ্যই নিখোজ যুৱকজক উলিয়াব বাবে এপ্তাহৰ সময় লৈছিল কিন্তু সোমবাৰে এই সময় পাৰ হৈ যোৱাৰ পিছত বৰহোলা আৰক্ষীয়ে গৌতম লিম্বুৰ সন্ধান দিবলৈ সক্ষম নহল।

ফলত মঙলবাৰে বিয়লি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু শতাধিক স্থানীয় ৰাইজৰ সহযোগত এনেদৰে থানা ঘেৰাও কৰে। ৰাইজে অভিযোগ কৰা বৰহোলা থানাৰ ভিতৰ চ'ৰাত বিগত কিছু মাহৰ পৰা বিষয়াসকলৰ মাজত ক্ষমতা কেন্দ্ৰিক যুঁজ চলি আহিছে। যাৰ ফলত সমন্বয়হীনতাৰ বাবে বিশৃংখল পৰিবেশ সৃষ্টি হৈ আহিছে। সম্প্ৰতি বৰহোলা আছু আৰু ৰাইজে দোষী আৰক্ষী বিষয়াক বদলি কৰিবলৈ গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাইছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in