/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/BORDUA-SATI-RDHIKA.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ জনক জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সতীৰাধিকা স্মৃতিক্ষেত্ৰত বৈষ্ণৱ পণ্ডিত শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰাপক আচাৰ্য্য ইলাৰাম দাসৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰা এখন নৱনিৰ্মিত তোৰণ দেওবাৰে উন্মোচন কৰা হয়। চতুৰ্দশ পঞ্চদশ শতিকাতে গুৰুজনে সাম্যমৈত্ৰীৰ আদৰ্শৰ বান্ধোন কটকটীয়া কৰিবৰ বাবে অনুসূচীত সম্প্ৰদায়ৰ মহিলা সতীৰাধিকাৰ হতুৱাই বটদ্ৰৱাত বৰলুইতৰ ভৰসূঁতি টেম্বুৱানী জানৰ মুখ বন্ধ কৰি শান্তিজান বোৱাইছিল।
তাহানিৰ ইতিহাসৰ সেই আমোঘ সত্যক সাৰোগত কৰি দেওবাৰে সেই ঐতিহাসিক ক্ষেত্ৰত বৈষ্ণৱ পণ্ডিত আচাৰ্য্য ইলাৰাম দাসৰ পৰিয়াল বৰ্গৰ হৈ অসম চৰকাৰৰ বিত্ত সচিব আই এ এচ বিষয়া দিলীপ কুমাৰ বৰা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° স্বপ্নালী দাস বৰাই তোৰনটি আগবঢ়াই। সত্ৰ কৃষ্টিৰ মাঙ্গলিক পৰম্পৰাৰ আধাৰত তোৰনখনি শুভ উন্মোচন কৰে বটদ্ৰবা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোবা সত্রৰ সত্রাধিকাৰ দেবানন্দ দেৱ গোস্বামী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্তই।
ভাস্কৰ্য্য কলাৰে খচিত তোৰন খন কাৰুকায্যৰে পৰিপূৰ্ণ কৰি তোলে ভাস্কৰ্য শিল্পী বিনোদ বৰাই। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, ইলাৰাম দাসৰ পুত্ৰ বিষ্ণু প্ৰসাদ দাস, জ্যোতি প্ৰসাদ দাসকে প্ৰমুখ্য কৰি বটদ্ৰবা ভকত বৈষ্ণৱৰ উপস্থিতিত তোৰন উন্মোচনৰ পাছত সতীৰাধিকা স্মৃতি ক্ষেত্ৰৰ নামঘৰত নাম-কীৰ্তন অনুষ্ঠিত হয়।