বকোত সীমা সমস্যা পৰ্যবেক্ষণৰ বাবে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ বিভিন্ন ছাত্ৰ সংগঠনৰ দল…

বকোত সীমা সমস্যা পৰ্যবেক্ষণৰ বাবে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ বিভিন্ন ছাত্ৰ সংগঠনৰ দল…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত আজি বিভিন্ন ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীৰ সন্মুখতে একাংশ লোকে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত নাথাকে বুলি বাক-বিতণ্ডা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ফলত দলটোৱে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকাত সেই ঠাই ত্যাগ কৰি ততাতৈয়াকৈ গুছি আহিব লগা হয় ।

ঘটনাৰ বিৱৰণ মতে আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ , সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, নিখিল ৰাভা ছাত্ৰ সন্থা সভাপতি নৃপেন খান্দা , ভাৰপ্ৰাপ্ত  সাধাৰণ সম্পাদক দীপাংকৰ ৰাভা, আবছুৰ সভাপতি দ্বিপেন বড়ো, আগছুৰ সভাপতি অৰ্জুন  ছেত্ৰী ,গাৰো ছাত্ৰ সন্থাৰ সভাপতি চৰা আৰ. মাৰাককে ধৰি দল এটাই বকো থানাৰ অন্তৰ্গত মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাত থকা এলেকা আঠিয়াবাৰী , ঠুথিয়া বজাৰ , হাহিম বজাৰ, গিজাং , গোহানীমাৰা আদি বিভিন্ন ঠাই পৰ্যবেক্ষণ কৰি সেই ঠাইত বসবাস কৰা লোকৰ সৈতে মত বিনিময় কৰে ।

সীমান্তত বসবাস কৰা লোকসকলে সা-সুবিধা লাভ কৰিছে নে নাই সেইকথা জানিবলৈ চেষ্টা কৰে ছাত্ৰ সংগঠন দলটোৱে । ইয়াৰ মাজতে অধিক গুৰুত্ব প্ৰদান কৰে সীমাত বসবাস কৰা লোকসকলে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থাকিব বিচাৰে নে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত থাকিব বিচাৰে ।একাংশ বাসিন্দাই পূৰ্বৰে পৰা তেওঁলোকে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বসবাস কৰি আহিছে আৰু বসবাস কৰিব বুলি দৃঢ়মত পোষণ কৰাৰ বিপৰীতে আন একাংশই মেঘালয়ৰ ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰতহে থাকিব বুলি কয় ।

এইলৈ দুটা ফৈদৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় । ছাত্ৰ সংগঠনৰ দলটোৱে পৰিৱেশ অধিক উত্তপ্ত হোৱাৰ আশংকাত ততাতৈয়াকৈ সেই স্থান ত্যাগ কৰি গুছি আহে । আৰক্ষী-প্ৰশাসনেও অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শান্তিপূৰ্ণ ভাবে সীমা সমস্যা সমাধান হোৱাটো বিচাৰে বুলি মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in