সীমা সমস্যাঃ শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত উপ মুখ্যমন্ত্ৰী আৰু ৰাজ্য দুখনৰ বিষয়াৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক, দাখিল তদন্তৰ প্ৰতিবেদন…

সীমা সমস্যাঃ শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত উপ মুখ্যমন্ত্ৰী আৰু ৰাজ্য দুখনৰ বিষয়াৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক, দাখিল তদন্তৰ প্ৰতিবেদন…

author-image
asomiyapratidin
New Update
সীমা সমস্যাঃ শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত উপ মুখ্যমন্ত্ৰী আৰু ৰাজ্য দুখনৰ বিষয়াৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক, দাখিল তদন্তৰ প্ৰতিবেদন…

ডিজিটেল সংবাদ, দিছপুৰ: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াৰ সৈতে অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ত এখন বৈঠকত মিলিত হয় । আজিৰ বৈঠকতে ৰাজ্য দুখনৰ কামৰূপ (মেট্ৰ') আৰু ৰি' ভই জিলাৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ প্ৰতিনিধিসকলে চৰজমীন তদন্ত কৰি প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰা হয়। দুয়োখন ৰাজ্যৰ সমিতিৰ প্ৰতিনিধিসকলে প্ৰস্তুত কৰা প্ৰতিবেদন মন্ত্ৰী পীযুষ হাজৰীকা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচঙ ৰ মাজত বিনিময় কৰা হয় ।

Advertisment

আজিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সদৃচ্ছাৰ বাবে ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যাৰ সোনকালেই স্থায়ী সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে । আনহাতে, চৰজমীন তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অঞ্চলকেইটাৰ স্থানীয় বাসিন্দাৰ মতামতক বিশেষভাৱে গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে দুয়োখন ৰাজ্যৰ মুখামন্ত্ৰীয়ে শান্তিপূৰ্ণভাৱে সীমা সমস্যাৰ স্থায়ী সমাধান হোৱাটো বিচাৰে ।

বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই উল্লেখ কৰে যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিসমূহৰ প্ৰতিবেদন দাখিল সমাপ্ত হোৱাৰ লগে লগে সোনকালেই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বৈঠকত সীমা সমস্যা সমাধানৰ বাবে চুড়ান্ত সিদ্ধান্ত ল'ব পৰা যাব ।